Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটত ভুৱা সাংবাদিকৰ ঘৰত চৰকাৰী ছিল মোহৰ উদ্ধাৰ

এশ গৰু মাৰিলে বাঘৰো মৰণ, ভুৱা সাংবাদিকৰ ঘৰত ৩৮ টা ভুৱা ছিল মোহৰ উদ্ধাৰ,ব্লেকমেইলৰে ঘটিছিল বহু ধন সম্পদ

দৈনিক গণঅধিকাৰ, যোৰহাটঃ কাঠফুলাৰ দৰে গজি উঠা সীমাহীন ৱেব পৰ্টেলৰ একাংশ সাংবাদিক নামধাৰী লোকে সাংবাদিকতাৰ ক্ষেত্ৰ খনেই কলুষিত কৰি পেলাইছে। অকল ব্লেকমেইল আৰু ধন ঘটাৰ মাধ্যম হিচাপে এটা মোবাইল হাতত লৈ এচামে গাঁৱে ভুয়ে চলাইছে সন্তাস। পশ্চিম যোৰহাটৰ টেকেলা গাঁৱৰ জগত নেওগ নামৰ এনে এজন ধুৰন্ধৰে বিগত কেইবা বছৰ ব্লেকমেইল আৰু ধন দাবীৰে চলাই আহিছিল সন্তাস। কেৱল ধন ঘটাৰ উদ্দেশ্যেৰে হাতত এটা মোবাইল আৰু অখ্যাত এটা ৱেব পৰ্টেলৰ লগ’ লৈ এওঁ এক প্ৰকাৰ তাসৰ সৃষ্টি কৰি আহিছিল।

কথাতে কয়, এশ গৰু মাৰিলে বাঘৰো মৃত্যু বুলি। সেই দশাই হল এওঁৰ ক্ষেত্ৰতো। এটা জাতিলাৱে পোহৰলৈ আনিলে এওঁৰ কু কীৰ্তি । অঞ্চলটোৰ লাবন্য নেওগ নামৰএগৰাকী প্ৰধান শিক্ষয়িত্ৰীয়ে দুদিন পূৰ্বে মধ্যহ্ন ভোজন বন্ধ থকাত এটা জাতিলাও ঘৰলৈ বুলি লৈ আহোঁতে এইজন তথা কথিত সাংবাদিকে মোবাইলত ভিদেও কৰি সামাজিক মাধ্যমত দি শিক্ষয়টি গৰাকীৰ ভাব মূৰ্তি নিমিষতে শেষ কৰি দিছিল। শিক্ষয়টি গৰাকীয়ে প্ৰচণ্ড মানসিক চাপত ভোগাৰ লগতে এই ঘটনাত হতভম্ব হয় যোৰহাটৰ সচেতন ৰাইজ।

শিক্ষয়টি গৰাকীয়ে এই সন্দৰ্ভত পুলিবৰ আৰক্ষী থানাত দিয়া এজাহাৰৰ ভিত্তিত ২৩৪/২০ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ৪১৯/৫০০/৫০৬ ধাৰা আৰু আৰ ডব্লিউ ৬৭ আই টি ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীয়ে তথাকথিত সাংবাদিক জনৰ ঘৰত যোৱা নিশা অভিযান চলাই যদিও তেওঁ আত্মগোপন কৰে। কিন্তু এই অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিছে এইজন ভুৱা তথাকথিত সাংবাদিকৰ ভয়ংকৰ জালিয়াটি। তেওঁৰ ঘৰত উদ্ধাৰ হৈছে বিভিন্ন প্ৰশাসনিক বিষয়াৰ প্ৰায় ৩৮ টা ভুৱা ছিল মোহৰ। কেইবাখনো জিলাৰ চক্ৰ বিষয়া, অতিৰিক্ত উপায়ুক্ত, উপ পঞ্জীয়ক, মৌজাদাৰ, আদি বিভিন্ন বিষয়াৰ ভুৱা ছিল মোহৰ।

বিগত সময়ত এই যুৱক জনে বিভিন্ন লোণ, চৰকাৰী চাকৰি, মাটি বাৰীৰ কাম কাজ আদি দুই নম্বৰী কাম কৰি আহিছিল আৰু বিভিন্ন লোকক ব্লেকমেইল কৰি লাখ লাখ টকা ঘতি বহু সম্পত্তি আৰু গাড়ী মটৰ কিনি আহিছিল। ইফালে এইজন ব্লেকমেইলাৰৰ ককায়েক প্ৰশান্ত নেওগৰ বিরুদ্ধেও আছে এনে বহু অভিযোগ। বোকাখাত থানাত ঘৰৰ খৰ্গৰ বেহা আৰু পুলিবৰ আৰু ৰৰৈয়া থানাত ধন দাবীৰ গোচৰ ৰুজু হৈ আছে। আৰক্ষীয়ে তেতিয়া তেওঁলোকৰ ঘৰৰ পৰা পিষ্টল উদ্ধাৰ কৰিছিল।

ইফালে এই স্বয়ম্ভূ সাংবাদিক জন এটা জাতীয় সংগঠনৰ লগতো জড়িত বুলি জনা গৈছে। তেওঁৰ ঘৰত উক্ত সংগঠনৰ ছিল মোহৰো উদ্ধাৰ হৈছে। এওঁৰ এই কু কৰ্মত এই সংগঠনৰ আৰু বিষয় ববীয়া জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। এই ধুৰন্দৰ তথাকথিত সাংবাদিক জনক গেপ্তাৰৰ দাবী জনাইছে যোৰহাটৰ সচেতন ৰাইজ আৰু সাংবাদিক মহলে।

Leave a Reply

Your email address will not be published. Required fields are marked *