Monday , September 21 2020
শেহতীয়া খবৰ

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডত নিহত ২ জন, আহত ৩

৪ কোটিৰ অধিক সম্পত্তি ভষ্মীভূত

ষ্টাফ ৰিপৰ্টাৰ /  গণবাৰ্তা বিশেষ, যোৰহাট ১০ আগষ্ট :  যোৰহাটত শনি লাগিছে , তিনি দিনৰ পূৰ্বে যোৰহাট নগৰৰ পুৰণা বালিবাটত অগ্নিকাণ্ড সংঘটিত হৈ কেইবাটাও ঘৰ ভস্মীভূত হোৱাৰ পাছত কালি পুনৰ যোৰহাট নগৰত আন এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ।  দেওবাৰে  নিশা প্ৰায় ১১- ১৫ মান  বজাত যোৰহাট নগৰৰ এ টি ৰোডৰ টোকোলাই দলঙৰ  সমীপত সিংঘী মৰ্টৰছ নামৰ দোকান খনত  সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড ঘটনা ।  যত এটা পৰিয়ালৰ ২ জন ব্যক্তিয়ে কৰুণ মৃত্যুক সাৱটি লোৱাৰ বিপৰীতে ৩ জন লোক গুৰুতৰ ভাৱে আহত হয় । সিংঘী মৰ্টৰছ  নামৰ  গাড়ীৰ পাৰ্টচৰ দোকানখনত নিশা  কেনেবাকৈ  অগ্নিকাণ্ডৰ সুত্ৰপাত ঘটে  পাছত  জুইৰ লেলিহান শিখাই সমগ্ৰ ব্যৱসায় প্ৰতিষ্ঠান খন আৱৰি লোৱাত জুই ওপৰলৈ ওলোৱা দেখা পাই   স্থানীয় ৰাইজে  আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে ।  মুহুৰ্ততে যোৰহাটৰ অগ্নিনিৰ্বাপক বাহিনীৰ ৩ খন গাড়ী ঘটনাস্থলী আহি  জুই নিৰ্বাপনৰ চেষ্টা কৰে যদিও জুই নিয়ন্ত্ৰনত ব্যৰ্থ হয় ।  পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে সাংসদ কামাখ্যা তাচা, বিধান সভাৰ অধ্যক্ষ তথা স্থানীয় বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে আৰক্ষী অধীক্ষক জিলা উপায়ুক্তক ফোন কৰি ঘটনাৰ সবিশেষ জনোৱা পিছতে অ’ এন জি চি, বায়ু সেনা, আৰু এন আৰ এলৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীৰ লগতে শিৱসাগৰ আৰু গোলাঘাট জিলাৰ পৰাও মুঠ ১৩ খন অগ্নিনিৰ্বাপক গাড়ী আহি  অগ্নি নিৰ্বাপনৰ কাম আৰম্ভ কৰে ।  কেইবাঘন্টাৰ পিছত পুৱতি নিশা  জুই নিয়ন্ত্ৰন কৰিবলৈ সক্ষম হয় অগ্নি নিৰ্বাপক বাহিনী । তেতিয়ালৈকে সকলো উল্লেখিত দোকান কেইখন সকলো জ্বলি ভস্মীভূত হয় । প্ৰায় ৪ কোটি টকাৰ সম্পত্তি জ্বলি শেষ হয় বুলি এক সূত্ৰই উল্লেখ কৰিছে ।  ইয়াৰ পূৰ্বে যোৰহাটৰ অগ্নি নিৰ্বাপক বাহিনীৰ ৩ খন গা়ড়ীয়ে অগ্নি নিৰ্বাপনৰ চেষ্টা কৰিছিল যদিও গাড়ী কেইখনত পানী শেষ হৈ যোৱাৰ বাবে প্ৰায় আধাঘন্টা সময় ডাউ ডাউকৈ জুই জ্বলি  থাকে বুলি মন্তব্য কৰিছে প্ৰত্যক্ষ দৰ্শীয়ে ।  এই সময় চোৱাতে জুয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে ।  আনহাতে ঘটনাস্থলীত এন ডি আৰ এফ আৰু এচ ডি আৰ এফ বাহিনীৰ জোৱান উপস্থিত হৈ অগ্নিকাণ্ডৰ মাজত আৱদ্ধ হৈ থকা পৰিয়ালকেইটা উদ্ধাৰৰ অভিযান চলাই ।  অভিযান কালত পৰিয়াল কেইটাৰ সদস্যসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও  গোমতী দেৱী (৭২) নামৰ মহিলা গৰাকী টোকোলাই জানত পৰি কৰুণ মৃত্যুক সাৱটি লব লগা হয় ।  আনহাতে সত্যনাৰায়ন আগৰৱাল(৭৫) নামৰ ব্যক্তিজনো টোকোলাই জানত পৰি গুৰুতৰ ভাৱে আহত হোৱা পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছিল যদিও চিকিৎসালয়ত মৃত্যুক সাৱটি লয় আগৰৱালে । প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে জুইৰ পৰা বাছিবৰ বাবে ৰচীৰে ওপৰ মহলাৰ পৰা তললৈ নামোতে পিচলি পৰি আহত হৈছে আন তিনিজন ব্যক্তি । ব্যক্তি কেইজন মহেন্দ্ৰ আগৰৱাল কৃষ্ণ গোপাল আগৰৱাল আৰু উষা সিংঘী বুলি জানিব পৰা গৈছে ।  অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে সিংঘী মৰ্টৰছৰ  লগতে আন চাৰিটা বিল্ডিংলৈ মূহুৰ্ততে জুইৰ লেলিহান শিখা বিয়পি পৰে । জানিব পৰা মতে উক্ত মৰ্টৰ পাৰ্টছ দোকান খনত গাড়ীৰ টায়াৰ ,মবিল জাতিয় সামগ্ৰী আছিল । লগতে কেইবাটাও গেছ চিলিণ্ডাৰো ফুটি জুই আৰু তীব্ৰতৰ হৈ পৰিছিল । জুইৰ লেলিহেন শিখাই মুহূৰ্ততে  সিংঘী মটৰচৰ লগতে থকা এখন ইলেক্টিকেল পাৰ্টচৰ দোকানৰ লগতে কাষতে থকা পৱন ফাৰ্নিচাৰ নামৰ  দোকান খনো সম্পূৰ্ণৰূপে  ভষ্মীভূত হয় অগ্নিকাণ্ডত ।  ইফালে ঘটনাত নিহত সকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদানৰ দাবী কৰিছে স্থানীয় ৰাইজে ।  ইয়াৰোপৰি ক্ষতি সাধন হোৱা ব্যৱসায় প্ৰতিষ্ঠান   তথা বাসগৃহ সমূহৰ গৰাকীকো ক্ষতিপুৰণ দিব লাগে বুলি দাবী কৰিছে ৰাইজে । উল্লেখ্য যে এই ঘটনাই সমগ্র যোৰহাট জিলাতে চাঞ্চল্য সৃষ্টি হৈছে । ঘটনাস্থলীলৈ যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী , ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে কেইবাজনো ৰাজনৈতিক অৰাজনৈতিক নেতাই ঘটনাস্থলীলৈ আহি পৰিস্থিতিৰ বুজ লয় । আনহাতে নিশাই যোৰহাটৰ আৰক্ষী অধীক্ষক ,জিলা উপায়ুক্তকে আদি কৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া নিশাই ঘটনাস্থলীত উপস্থিত হৈ পুৱালৈকে আছিল । লোক দুজনৰ মৃত্যুত শোক প্ৰকাশ কৰি নগৰৰ এ টি ৰোডৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ আজি  বন্ধ ৰছখিছিল । উল্লেখ্য যে মৃত দুয়ো স্বামী – স্ত্ৰী আছিল । ইফালে নিহত সত্যনাৰায়ন আগৰৱালা নামৰ লোক জনৰ কভিড পজিটিভ ৰোগী বুলিও এক সূত্ৰ পৰা জানিব পৰা গৈছে । দুয়োটা মৃতদেহ যোৰহাট মেডিকেল কলেজ হস্পিতালত মৰনোত্তৰ পৰীক্ষা কৰি গঁড়মূৰ শ্মশানত শেষকৃত সম্পন্ন কৰা হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *