Monday , September 21 2020
শেহতীয়া খবৰ

যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাত নৃশংস হত্যাকাণ্ড। আৰক্ষীৰ জালত এজন

গণ বার্তা ,যোৰহাট ৪ ছেপ্টেম্বৰ : শুকুৰবাৰে পুৱাই যোৰহাটৰ চিনামৰাত সংঘটিত হোৱা এটা হত্যা কাণ্ডই কঁপাই গৈছে যোৰহাটৰ চিনামৰা অঞ্চল।পুৱা প্ৰায় ৭ মান বজাত মুৰমুৰীয়া চাহ বাগিচাৰ চকীদাৰ ভোগেশ্বৰ হাজদাৰক অতি নৃশংস ভাৱে হত্যা কৰে দুৰ্বৃত্তই। ঘটনাৰ বিবৰণি অনুসৰি আজি পুৱাই ভোগেশ্বৰ হাজদাৰে নিজ কৰ্তব্য পালন কৰি মুৰমুৰীয়া চাহ বাগিচাৰ ২৭ নং লাইনত উপস্থিত হওঁতেই কেইজন মান দুৰ্বৃত্তই খেদি খেদি হত্যা কৰে ভোগেশ্বৰক। খবৰ পোৱাৰ লগে লগে ঘটনা স্থলীত চিনামৰা আৰক্ষী চকিৰ পৰিদৰ্শক হিমাংশু গোঁহাইৰ নেতৃত্বত চিনামৰা আৰক্ষীৰ এটা দল ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰি ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত গকুল কিস্কু নামৰ এজন লোকক আটক কৰে। চিনামৰ আৰক্ষী চকিৰ পৰিদৰ্শক হিমাংশু গোঁহাইয়ে জনোৱা মতে পাৰিবাৰিক কণ্ডলৰ বাবে হত্যা কাণ্ডটো সংঘটিত হ’ল।

Leave a Reply

Your email address will not be published. Required fields are marked *