Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটত লকডাউন নামানি বজাৰলৈ ওলাই অহা ৭১ জনক গ্ৰেপ্তাৰ

ব্ৰাউন চুগাৰ সহ আটক এজন

দৈনিক গণঅধিকাৰঃ মাৰাত্মক মহামাৰী কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশতে লকডাউন ঘোষণা কৰাত  চৰকাৰ প্ৰশাসনৰ বাৰম্বাৰ আহ্বান কৰাৰ পাছতো একাংশই নামানি  বিভিন্ন অজুহাতত ওলাই আহে নগৰলৈ। তেনে এক দৃশ্য দেখিবলৈ পোৱা গল যোৰহাটৰ নিউ ভিল ৰোডত । আজি একাংশই  উক্ত স্থানত  পুৱাতেই আহি বজাৰ মেলে । সামাজিক দূৰত্ব পাছৰ কথা বজাৰত হেতা ওপৰা কৰে কাণ্ডজ্ঞান হীন এচাম লোকে ।

যোৰহাট নগৰৰ নিউ ভিল ৰোডত একাংশ ব্যৱসায়ীয়ে বহুৱা  শাক – পাচলি, মাছ – মাংসৰ বজাৰত  একাংশ কাণ্ড জ্ঞানহীন লোক ওলাই আহি ভিৰ কৰি এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰে । বাৰে বাৰে এই কাম বাৰম্বাৰ কৰি অহাত আজি অধিক কঠোৰ হয় আৰক্ষী প্ৰশাসন । লগে লগে আৰক্ষী আৰু দণ্ডাধীশ সহ সেই স্থানত উপস্থিত হৈ সামগ্ৰী সহ  এফালৰ পৰা থানালৈ উঠাই লৈ আনে আইন ভঙ্গ কাৰি এচামক। বিয়লি ভাগলৈ মুঠ ৭১ জনক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীৰ এক সূত্ৰই উল্লেখ কৰে ।

ইয়াৰে কিছু সংখ্যকক ১৪৪ ধাৰা ভংগ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি সন্ধ্যা জামিন দিয়া হয় যদিও কোনো কাম নোহোৱাকৈ ওলাই অহা  কেইজন মানৰ লগতে পাচলি ব্যৱসায়ী সহ চাৰি জনক জেললৈ প্ৰেৰণ কৰা হয় যদিও আৰু কেইবাজনকো জেললৈ প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে । আনহাতে  একেদৰেই ৰৰৈয়া আৰক্ষী চকীৰ অধীনৰ চৰাইবাহী অঞ্চলত আৰক্ষীয়ে লকডাউন ভংগ কৰি ওলাই অহা বাবে ৬ জন যুৱকক আটক কৰি আৰক্ষী চকীলৈ আনে|

ইয়াৰ পিছতে আৰক্ষীৰ তালাচীত পোহৰলৈ আহিল ভয়ানক তথ্য । তৌফিক ৰহমান নামৰ এজন যুৱকৰ পকেটৰ পৰা উদ্ধাৰ হয় ব্ৰাউনচুগাৰ  । সম্প্ৰতি যুৱক জনক সোধপোচ অব্যাহত ৰাখিছে ।গোপন সুত্ৰৰ পৰা জানিব পৰা মতে চৰাইবাহী অঞ্চলৰে বেগম উপাধিৰ এগৰাকী মহিলাই ব্ৰাউন চুগাৰৰ ৰমৰমীয়া বেপাৰ চলাই আছে বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *