Wednesday , September 23 2020
শেহতীয়া খবৰ

যোৰহাটত শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ শাখা সত্ৰ আৰু সাংস্কৃতিক গবেষণা কেন্দ্র উদ্বোধন মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ

গণ বার্তা, যোৰহাট, ৮ চেপ্তেম্বৰঃ  যোৰহাটৰ দহাবড়া চুকত আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হৈ উদ্বোধন কৰে শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ শাখা সত্ৰ আৰু সাংস্কৃতিক গৱেষণা কেন্দ্র।২০১৬-১৭ বৰ্ষৰ অসম চৰকাৰৰ অ নিৰ্ধাৰিত পুঁজিৰ ৩০ লাখ টকাৰ ব্যয়ৰে নিৰ্মাণ কৰা হৈছে ভৱনটো ৰাজ্যৰ মূখ্যমন্ত্রী গৰাকীয়ে উদ্বোধন কৰাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ মৃত্যু ৯৪ সংখ্যক জন্মদিনৰ দিনা শিল্পীজনক শ্ৰদ্ধা জনায়। এই উদ্বোধনী অনুষ্ঠানত মূখ্যমন্ত্রীজনৰ লগতে উপস্থিত থাকে ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰা উপস্থিত থাকে। শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী শাখা সত্ৰ উদ্বোধন কৰি মূখ্যমন্ত্রী গৰাকীয়ে কয় যে- ভূপেন দাই আমাৰ সমাজলৈ আগবঢ়োৱা অৱদান অনস্বীকার্য, সেয়ে যুগে যুগে ভূপেন হাজৰিকাক স্মৰণ কৰি আহিব। এই সভা গৃহটোৰ বাবে প্ৰায়ত প্ৰসেনজিৎ ফুকন নামৰ ব্যক্তি জনে দান কৰি যোৱা ১ কঠা মাটিৰ বাবে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰে মূখ্যমন্ত্রী গৰাকীয়ে। এই শাখা সত্ৰৰ সংযোজনে আধ্যাত্মিকতাৰ ক্ষেত্ৰখন আগবঢ়াই নিয়াত সহায়ক হ’ব বুলিও তেওঁ উল্লেখ কৰে। ( ঋতুৰাজ ফুকন যোৰহাটত )

Leave a Reply

Your email address will not be published. Required fields are marked *