Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল

গণ বার্তা, যোৰহাট, ২৯ জুলাইঃ   “কা” বাতিলৰ দাবীত মাত মাতি ৰাজ্য চৰকাৰৰ ৰোষত পৰা কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজি সৰৱ হৈ পৰে সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। ৰাজ্য চৰকাৰে ভুৱা গোচৰ জাপি দি কৃষক নেতাজনক কাৰাৰুদ্ধ কৰি ৰখাৰ অভিযোগ উত্থাপন কৰি কৃষক নেতা অখিল গগৈৰ লগতে “কা” আন্দোলনকাৰী সমূহ সতীৰ্থ ৰ মুক্তিৰ দাবীত আজি সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰ যোৰহাট জিলা সমিতিৰ লগতে কেন্দ্রীয় বিষয়ববীয়াৰ উপস্থিতিত যোৰহাট জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে। এই মানৱ শৃংগল কাৰ্যসূচীত পৰিষদ ৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই অংশ গ্ৰহণ কৰি হাতে হাতে বেনাৰ প্লে কাৰ্ড লৈ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন কৰে। প্ৰতিবাদী ৰাইজে চৰকাৰ বিৰোধী শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কাৰী সকলে অখিল গগৈক মুক্তি দিয়ক, সমূহ কা আন্দোলনকাৰী সকলক মুক্তি দিয়ক, অসম চৰকাৰ হাই হাই, কা আমি নামনো, আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদী কাৰ্যসূচী ৰ জড়িয়তে কা আন্দোলনৰ সমূহ কাৰাবন্দীক মুক্তি দিয়াৰ দাবী উত্থাপন কৰে পৰিষদ ৰ যোৰহাট জিলা সমিতিৰ সভাপতি বেদান্ত বৰুৱা আৰু সম্পাদক সমীৰ বৰাই। মানৱ শৃংখল কাৰ্যসূচী ৰ জড়িয়তে সভাপতি বেদান্ত বৰুৱাই কয় যে, শাসনাধীন বি জে  পি চৰকাৰ খনে নিজ ইচ্ছা মতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অখিল গগৈ ৰ লগতে “কা” বিৰোধী আন্দোলনকাৰী সকলক কাৰা বন্দী কৰি ৰাখিছে। অখিল গগৈ কাৰাগাৰত থকা অৱস্থাত টোল গেট সমূহ মুকলি কৰিলে, নামনি সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পৰ কাম খৰতকীয়া গতিত আগবঢ়াই নিছে, আৰু শেহতীয়া কৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ সমূহ সম্পূৰ্ণ ৰূপে  ধ্বংস কৰিব বিচাৰিছে। এনে ধৰণৰ জন বিৰোধী কাৰ্য্য কেতিয়াও সহ্য কৰা নহব। জাতি মাটিৰ কথা কোৱা সৰ্বানন্দ সোনোৱালে এতিয়া জাতিক বিক্ৰী কৰিবলৈ ওলাইছে। ইয়াক অসম বাসী ৰাইজে সহ্য নকৰে। এই সমূহ অতি সোনকালে বন্ধ হব লাগিব অন্যথা অনাগত দিনত অসমৰ জনগণক লগত লৈ বৃহৎ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে সংগঠন তোৱে আজিৰ মানৱ শৃংখল কাৰ্যসূচী ৰ জড়িয়তে।

Leave a Reply

Your email address will not be published. Required fields are marked *