Sunday , September 20 2020
শেহতীয়া খবৰ

যোৰহাটত সুৰাপান কৰিবলৈ নাপাই কৰিলে ভয়ংকৰ কাণ্ডঃ এজনৰ মৃত্যু

দৈনিক গণঅধিকাৰঃ দেশৰ সৰ্বত্ৰে এতিয়া লক ডাউন। বন্ধ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। কিন্তু এচাম লোকৰ বাবে  দুৰ্বিসহ হৈ পৰিছে এই লক ডাউন। বিশেষকৈ এই লক ডাউন ঘোষণা প্ৰভাৱ পেলাইছে দৈনিক সুৰা পান কৰা লোক সকলৰ ক্ষেত্ৰত। সুৰা নাপাই যিকোনো কাৰ্যপন্থা গ্ৰহণ কৰিছে এচাম দৈনিক সুৰা সেৱন কৰা লোকে। ইয়াৰ ব্যতিক্ৰম নহল যোৰহাট জিলাও। যোৰহাটত লকডাউনৰ সময়ত সুৰাপান কৰিবলৈ নোপোৱাৰ ফলত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সুৰা নাপাই ইণ্ডাষ্ট্রিয়েল স্পিৰিট ক’ল্ডড্ৰিংকছৰ সৈতে মিশ্রণ কৰি পান কৰি মৃত্যু হৈছে এজন লোকৰ।

আন তিনিজন লোকে বৰ্তমান চিকিৎসালয়ত মৃত্যুৰ সৈতে যুঁজ দি আছে। ঘটনা সন্দৰ্ভত জানিব পৰা মতে সুৰাৰ অভাৱত কালি নিশা থিনাৰৰ লগত পানী আৰু ক’ল্ড ড্ৰিংকছ মিহলাই পান কৰি মৃত্যু হৈছে তৰাজান শ্মশান ৰোডৰ শোভৰাজ ৰজক নামৰ লোকজনৰ। সুৰাৰ অভাৱত শোভৰাজৰ লগৰ মনোজ চাহু , বিকি চাহু আৰু জিতেন্দ্ৰ চাহু নামৰ লোক তিনিজনে স্প্ৰিত আৰু স্প্ৰিত ৰ লগত ক’ল্ডড্ৰিংকছ মিহলাই সেৱন কৰিছিল। কিন্তু পিচত চাৰিওজনৰে স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কিন্তু চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে শুভৰাজ ৰজক নামৰ লোকজনে।

পিছত বিকি চাহুক মিছন হাস্পাতালত আৰু মনোজ চাহু আৰু জিতেন্দ্র চাহুক বৰুৱা চাৰ্জিকেললৈ পৰিয়ালৰ লোকে স্থানান্তৰ কৰে। ইফালে দুয়োখন চিকিৎসালয়ৰ কৰ্তৃপক্ষই জনোৱা মতে মনোজ আৰু জীতেন্দ্র বৰ্তমান সংকতমুক্ত যদিও বিকি চাহুৰ অৱস্থা সংকটজনক। উল্লেখযোগ্য যে লক ডাউনৰ ফলত সকলো সুৰা দোকান বন্ধ হৈ পৰাৰ ফলত দিক বিদিক হেৰুৱাই পেলাইছে এচাম সুৰা পাই লোকে। ইয়াৰ ভিতৰত সৰহ সংখ্যক হৈছে যুৱ প্ৰজন্মৰ । যি সকলে বৰ্তমান যোৰহাট জিলাত ব্যস্ত হৈ পৰিছে সুৰাৰ অবৈধ ব্যৱসায়ৰ সন্ধানত। তথা বহু নৱপ্ৰজন্মৰ যুৱক সুৰাৰ অভাৱত ব্যস্ত হৈ পৰিছে ভাং জাতীয় দ্ৰব্যৰ সন্ধানত।

Leave a Reply

Your email address will not be published. Required fields are marked *