Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটত সৰ্বাত্মকভাবে লকডাউন পালন

 ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট , ১০ জুলাই  :  যোৰহাট জিলা প্ৰশাসনে  পৌৰ এলেকাত ঘোষণা কৰা লকডাউন আজি প্ৰথম দিনা  সৰ্বাত্মকৰূপে ৰাইজে পালন কৰা দেখা গল  । যোৰহাট পৌৰ এলেকাত ৯ জুলাই সন্ধিয়া  পৰা ১৫ জুলাই লৈকে  লকডাউন ঘোষণা কৰিছিল  । যিহেতু যোৰহাট নগৰত  ভয়ানক ভাৱে কৰোনা সংক্ৰমণ  বৃদ্ধি পোৱাত এই সিদ্ধান্ত গ্ৰহণ কৰিছিল যোৰহাট জিলা প্ৰশাসনে  । লকডাউনৰ সৰ্বাত্মক প্ৰভাৱ দেখা গৈছে আজি যোৰহাটত  । লকডাউন সফল কৰিবৰ বাবে যোৰহাটত আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি নগৰত প্ৰৱেশৰ পথত পুৱাৰ পৰাই আৰক্ষী কঠোৰ হোৱা দেখা গৈছিল   ।

Leave a Reply

Your email address will not be published. Required fields are marked *