Thursday , August 13 2020
শেহতীয়া খবৰ

যোৰহাটত ৫০০ গছি বন্তি প্ৰজ্বলনেৰে নুৰুল হকলৈ শ্ৰদ্ধাঞ্জলি আছুৰ 

গণবাৰ্তা বিশেষ.যোৰহাট : অসমৰ প্ৰসিদ্ধ গীতিকাৰ , সুৰকাৰ প্ৰয়াত নুৰুল হক দেৱৰ প্ৰত্যেকটো মৃত্যুবাৰ্ষিকীত তেওঁৰ অমৰ সৃষ্টিৰাজীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ নিমিত্তে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই বিগত তিনিবছৰ ধৰি ‘গীতৰ দিন’ হিচাপে উদযাপন কৰি প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই আহিছে । কিন্তু বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ‘গীতৰ দিন’ শীৰ্ষক কাৰ্যসূচী বাতিল কৰিছে যদিও যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই প্ৰয়াত শিল্পীগৰাকীলৈ শ্ৰদ্ধা জনাই বৰুৱা চাৰিআলিস্থিত সহস্ৰাব্দী কাননত ৫০০ গছি বন্তি প্ৰজ্বলনেৰে জনতাৰ শিপ্লী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ছাত্ৰ নেতা বিজয় শংকৰ বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানটোত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক জুল খাউণ্ড , বিশিষ্ট শিল্পী জয়ন্ত নাথ , প্ৰখেনজিত লাহন , অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ সমীৰণ বৰদলৈ , বিশিষ্ট সাংবাদিক ললিত বৰা , অসম জাতীয়তাবাদী যুৱ পৰিষদ , জেইল ৰোড ক্লাব,  তৰাজান সন্মিলন , সহপাঠী , বন্ধু ৮৯ ,প্রতীতি, যোৰহাট জিলা ক্ৰীড়া সন্থা , যোৰহাট জিলা কাৰাটে সন্থা ইত্যাদিৰ প্ৰতিনিধি উপস্থিত থাকি অনুষ্ঠানটোত অংশগ্ৰহনেৰে জনতাৰ শিল্পী গৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে । ইয়াৰোপৰি প্ৰয়াত শিল্পীগৰাকীৰ কন্যা ৰুণা লাইলা হক উপস্থিত থাকি প্ৰয়াত পিতৃৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ তথা বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰতিবৰ্ষতে গ্ৰহণ কৰি অহা এই পদক্ষেপৰ বাবে  ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে । বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অৰ্জুনমনি ভূঞা আৰু  সাধাৰণ সম্পাদক পাৰ্থ প্ৰতিম বৰাই কয় , জনতাৰ শিল্পীগৰাকী নৱপ্ৰজন্মৰ মাজত চিৰধাৱহমান হৈ জীয়াই থাকিব লাগিব । অসমৰ জাতীয় জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেখেতৰ অৱদান কথাৰে কৈ বা ভাষাৰে লিখি শেষ কৰিব নোৱাৰি ।সেয়েহে আমি তেখেতৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ স্বাৰ্থত এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু আমি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা যোৰহাট জিলা প্ৰশাসনলৈ পুনৰবাৰ আহ্বান জনাইছোঁ যোৰহাট তথা অসমৰ এই মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপনেৰে যোৰহাট যিকোনো এটা পথ তেওঁৰ নামত নামাকৰণ কৰিব লাগে । ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এই অনুষ্ঠানটোত সম্পূৰ্ণ সামাজিক দূৰত্ব বজাই ৰাখি , প্ৰশাসনৰ নীতি-নিয়ম পালনেৰে সুশৃঙ্খলিতভাৱে সমাপন হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *