Monday , September 21 2020
শেহতীয়া খবৰ

যোৰহাটৰ উন্নয়ন মাৰ্কেটত অগ্নিকাণ্ড, এটা কাৰ্যালয় আৰু এখন দোকান ভস্মীভূত; চকীদাৰৰ তৎপৰতাত ৰক্ষা আন আন দোকান সমূহ

 ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৫ জুলাই :  যোৰহাট নগৰৰ জিলা উপায়ুক্ত কার্যলয়ৰ সন্মুখৰ উনয়ন চুপাৰ মাৰ্কেটৰ প্ৰথম মহলাৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানত আজি পুৱতি নিশা  সংঘটিত হয় এক  অগ্নিকাণ্ড । উক্ত অগ্নিকাণ্ডত অৰিফ্লিম নামৰ কোম্পানীটোৰ কার্যলয় আৰু ব্যৱসায়িক প্ৰতিষ্ঠানতো সম্পূৰ্নৰূপে জ্বলি  ভস্মীভূত হয় । বৈদ্যুতিক চৰ্ত চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰা হৈছে । উল্লেখ্য যে আজি পুৱতি নিশা প্ৰায় তিনি মান বজাত এই অগ্নিকাণ্ড সংঘটিত হয় । জুইৰ ধোঁৱা দেখি মাৰ্কেট খনৰ চকীদাৰজনে চিঞৰ বাখৰ কৰাত আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত লগে লগে অগ্নিনিৰ্বাপকৰ গাড়ী আহি জুই নিৰ্বাপন কৰে । উল্লেখ্য যে লগে লগে অগ্নি নিৰ্বাপকৰ গাড়ীক খবৰ নিদিয়া হলে সম্পূৰ্ন মাৰ্কেটখন জুইত জাহ গল হেতেন । যিহেতু জুই লগা দোকান খনৰ কাষতে এখন ৰেষ্টুৰেণ্টত কেইবাটাও  গেছৰ ছিলিণ্ডাৰ থকা বুলি মাৰ্কেটৰ কেইবাজনো লোকে উল্লেখ কৰিছে । চকীদাৰ জনৰ তৎপৰতাত হে কথমপি ৰক্ষা পৰে উন্নয়ন মাৰ্কেটৰ আন আন ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ।

Leave a Reply

Your email address will not be published. Required fields are marked *