Sunday , September 20 2020
শেহতীয়া খবৰ

 যোৰহাটৰ এ টি ৰোডস্থিত ইণ্ডিয়ান বেংকত  সামাজিক দূৰত্ব উলংঘা একাংশ গ্ৰাহকৰ 

গণবাৰ্তা বিশেষ,যোৰহাট : ৰাজ্যত ক’ৰোণা আক্ৰান্ত সংখ্যা দিনক দিনে বৃদ্ধি পাই অহা সময়তে একাংশ কাণ্ডজ্ঞানহীন ৰাইজৰ কৰ্মকাণ্ডই চিন্তিত কৰি তুলিছে সচেতন মহলক| ক’ৰোনা মহামাৰীৰ ভয়ংকৰ ছবি খনৰ বিষয়ে অজ্ঞতাৰ বাবে এচামে চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি নিজৰ খেয়াল খুচি মতেই সকসো কাম কৰি গৈছে| আজি তেনে এক ভয়ংকৰ ছবি দেখিবলৈ পোৱা গল যোৰহাট চহৰৰ মাজমজিয়াত| চহৰ খনৰ এ টি ৰোডত থকা ইণ্ডিয়ান বেংকত পুৱা ৪ বজাৰে পৰা এচাম বিবেকহীন গ্ৰাহকে চৰকাৰী আচনিৰ টকা নিবলৈ ভীৰ কৰেহি| বেংক টোৰ সন্মূখত পুৱা ৮ বজালৈ এনে অৱস্থা হয় যে সামাজিক দূৰত্ব  দূৰৰে কথা আঙুলি দিবলৈও ঠাই নথকাৰ দৰে হয়| আশ্চৰ্য্য জনক ভাৱে গ্ৰাহক সকলে নাজানে তেওঁলোকৰ একাউন্টত পইচা আহিছে নে নাই অহা| কেৱল মানুহ অহা দেখিয়েই চৰকাৰী নীতি নিৰ্দেশনাক ভৰিৰে মোহাৰি হিলদৌল ভাঙি ঘৰৰ পৰা আহিল এইচাম গ্ৰাহক| আচৰিত ভাৱে যোৰহাট চহৰৰ মাজত আইন উলংঘা কৰা শতাধিক গ্ৰাহকৰ দুস্কাৰ্য চকুত নপৰিল যোৰহাট আৰক্ষীৰো| সংবাদ মাধ্যমত বাতৰি পৰিবেশনৰ পিছতহে সাৰ পালে যোৰহাট আৰক্ষী| পৰৱৰ্তী সময়ত যোৰহাট আৰক্ষী বেংকটোত উপস্থিত হোৱাৰ পিছতে গ্ৰাহক আৰু আৰক্ষীৰ মাজতে খেদাখেদিৰ পৰিবেশ সৃষ্টি হয়| কিন্তু এয়া আছিল আৰক্ষীৰ এক বৃথা চেষ্টা মাথো| আৰক্ষীৰ চকুৰ আগতে সামাজিক দূৰত্ব শূণ্য কৰি শাৰী পাতি ঠিয় হৈ থাকিল গ্ৰাহক| উল্লেখযোগ্য যে ইয়াৰ অধিকাংশ গ্ৰাহকেই চাহ বাগান সমূহৰ পৰা অহা আছিল| এনে পৰিস্থিতিত যোৰহাট জিলা প্ৰশাসন তথা জিলা আৰক্ষী প্ৰশাসন অধিক কঠোৰ নহলে জিলা খনত ক’ৰোনাই ভয়ংকৰ ৰূপ ধাৰণ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে|

Leave a Reply

Your email address will not be published. Required fields are marked *