Sunday , September 20 2020
শেহতীয়া খবৰ

Video যোৰহাটৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা পঞ্চম জন  কোৰো’না ৰোগীক  মুক্তি

দৈনিক গণঅধিকাৰ, যোৰহাটঃ যোৰহাট চেউনি  আলিৰ কোৰো’না আক্ৰান্ত ৰোগী  বছৰীয়া শালিনী মালক(৪০)ক বুধবাৰে নিশা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা মুক্তি দিয়া  হয় । উল্লেখ্য যে  যোৱা ১৬  মে’ত দাৰ্জিলিঙৰ পৰা আহি যোৰহাটত উপস্হিত হৈছিল  আৰু ১৯  মে’ত ক’ৰোনাত আক্ৰান্ত হোৱা বুলি টেষ্টত ধৰা পৰিছিল উক্ত মহিলা গৰাকীৰ ৷ স্বাস্হ্যকৰ্মী তথা চিকিৎসক – নাৰ্চসকলৰ পৰিচৰ্যাৰ ফলত খুউব সোনকালেই আৰোগ্য হৈ উঠে মহিলাগৰাকী ৷

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা কাক মুক্তি দিলে | More Patients cured from Coronavirus disease ( Covid_19 ) in Jorhat…

Posted by Gana Adhikar on Thursday, 28 May 2020

বুধবাৰে  সন্ধিয়া জিলা উপায়ুক্ত ৰশ্নি অপৰঞ্জি কৰাটীয়ে বিদায় মূহুৰ্তত এখন ফুলাম গামোছাৰে তেওঁক অভিনন্দন জনোৱাৰ লগতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁক ঘৰলৈ যাবলৈ দিয়া হয়৷  উল্লেখযোগ্য যে শালিনী মালৰ প্ৰথমবাৰ টেষ্ট কৰোতে কভিড-19 পজিটিভ  পোৱা গৈছিল যদিও পিছৰ কেইবাৰ একেৰাহে নিগেটিভ ৰিজাল্ট পোৱা যায়৷ বিদায় মূহুৰ্তত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক পূৰ্নিমা বৰুৱা, উপ অধীক্ষক নিলোৎপল ভটাচাৰ্যৰ লগতে স্বাস্হ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্হিত থাকে৷

উল্লেখ্য যে যোৱা ২৫ মে’ত দিল্লীৰ পৰা অহা শিৱসাগৰ গেলেকীৰ আব্দুল  চামিম  (১৯)আৰু যোৰহাট নগৰত পূজা উটুৱা ডুবিৰ ৯ বছৰীয়া ফাৰহান আখটাৰ কোৰোনা ৰোগত আক্রান্ত হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰত চিকিৎসাধীন হৈ আছিল আৰু   আৰোগ্য হৈ ঈদৰ দিনাই চিকিৎসালয়ৰ পৰা মুক্ত হৈছিল । ২০ মেতো মামু বৰা আৰু পৰিস্মৃতা দত্ত নামৰ কোৰোনা আক্ৰান্ত দুগৰাকী মহিলাই আৰোগ্য হৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কভিড হস্পিতালৰ পৰা  ঘৰলৈ গৈছিল । আনহাতে বৰ্তমানো চিকিৎসাধীন হৈ থকা ৰোগী সকলো ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে বুলি চিকিৎসালয়খনৰ পৰা জানিবলৈ দিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *