Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটৰ জানখনা-ৰজাহাউলী সংযোগী জৰাজিৰ্ণ পথ নিৰ্মাণৰ দাবীত যুৱ-ছাত্ৰ পৰিষদ প্ৰতিবাদ ।

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট, ২০ আগষ্ট : যোৰহাটৰ উপকণ্ঠ বৃহত্তৰ বালিগাঁও অঞ্চলৰ গুৰুত্বপূৰ্ণ গড়কাপ্তানী বিভাগৰ অধীনৰ ৰাজহাউলী-জানখনা সংযোগী পথৰ জৰাজীৰ্ণ অংশৰ শীঘ্ৰে নিৰ্মাণৰ দাবীত আজি ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে । জৰাজীৰ্ণ ৰাজহাউলী-জানখনা পথৰ ওপৰত পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি প্ৰণৱজ্যোতি শইকীয়া আৰু পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ বাবু দত্তৰ নেতৃত্বত পৰিষদৰ প্ৰায় সদস্যই স্থানীয় ৰাইজৰ সহযোগত “ৰাজহাউলী-জানখনা সংযোগী জৰাজীৰ্ণ পথ নিৰ্মাণ কৰক,বিজেপি হায় হায়, যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ ” ইত্যাদি শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে । কাকতলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তিত পৰিষদৰ যোৰহাট জিলা সমিতিৰ সভাপতি আৰু সা:সম্পাদকে কয় যে আসমীয়া জাতিৰ অস্তিত্ব ৰক্ষা কৰা আৰু আসমীয়াৰ ভাষা -সংস্কৃতি, আৰ্থসামাজিক সকলো দিশতে সামগ্ৰিকভাৱে আগুৱাই নিয়াৰ আশা কৰি অসমবাসীয়ে সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি দলক অসমৰ শাসনভাৰ অৰ্পণ কৰিছিল । কিন্তু ক্ষমতা লাভ কৰাৰ পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ডাঙৰীয়াই অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰাটো দূৰৈৰে কথা আসমীয়াৰ সকলোকে সামগ্ৰিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হল বুলি কয় । ইয়াৰ উদাহৰণ স্বৰূপে ৩৭নং ৰাজহাউলি গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়কাপ্তানী বিভাগৰ অধিনত থকা ৰাজহাউলী-জানখনা সংযোগী পথৰ একাংশ বছৰ বছৰজুৰি জৰাজীৰ্ণ হৈ যাতায়তৰ বাবে অনুপযোগী হৈ আহিছে । বহু কেইখন গাঁওৰ হেজাৰ হেজাৰ মানুহ যাতায়ত কৰা উক্ত পথছোৱা ইমান দিনে কিয় নিৰ্মাণ নহল সেইটো ৰহস্যজনক বিষয়। ৰাইজৰ অভিযোগ মতে উক্ত গাঁও পঞ্চায়তৰ সভাপতি কংগ্ৰেছ দলৰ হোৱাৰ বাবেই পথছোৱা আজি পৰ্যন্ত সংশ্লিষ্ট বিভাগসমূহে গুৰুত্ব প্ৰদান নকৰিলে । সেয়েহে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, যোৰহাট জিলা সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি শীঘ্ৰে ৰাজহাউলী-জানখনা সংযোগী জৰাজীৰ্ণ পথছোৱা নিৰ্মাণ কৰিবলৈ দাবীজনাই । অন্যথা পৰিষদে গণতান্ত্ৰিক কাৰ্যসূচী হাতত লবলৈ বাধ্য হব বুলি সকীয়াই দিয়ে ।

Leave a Reply

Your email address will not be published. Required fields are marked *