Home স্থানীয় যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা মুক্তি ৰঞ্জন বৰুৱাৰ ইঁহলীলাবৰণ

যোৰহাটৰ জ্যেষ্ঠ অধিবক্তা মুক্তি ৰঞ্জন বৰুৱাৰ ইঁহলীলাবৰণ

116
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৭ মে : যোৰহাটৰ উকীল বাৰৰ জ্যেষ্ঠ অধিবক্তা তথা কে, কে, সন্দিকৈ পথৰ নিৰ্বাসী মুক্তি ৰঞ্জন বৰুৱাৰ আজি পুৱা প্ৰায় ১০:৪০ মান বজাত যোৰহাট মিছন হস্পিতালত ইঁহলীলাবৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৮৫ বছৰ । পৰিয়ালৰ লোকৰ পৰা জানিব পৰা মতে বাধ্যকজনিত কাৰণত মৃত্যু হয় । উল্লেখ্য যে তেওঁ স্বাস্থ্য বেয়া হোৱাত বিগত পোন্ধৰ দিন ধৰি যোৰহাটৰ মিছন হস্পিতালত ভৰ্ত্তি হৈ চিকিৎসাধীন হৈ আছিল আৰু আজি চিকিৎসাধীন অৱস্থাতে বিশিষ্ট অধিবক্তাজনৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁ পত্নী, এজন পুত্ৰ , কন্যা , বোৱাৰী নাতি – নাতিনীকে আদি কৰি এক বৃহৎ পৰিয়াল ইহসংসাৰত এৰি থৈ গৈছে । অধিবক্তা জনৰ মৃত্যুত যোৰহাট উকীল বাৰত শোকৰ ছাঁ পৰিছে । আৰু উকীল সন্থাই গভীৰ শোক প্ৰকাশ কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here