Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটৰ বিভিন্ন স্থানত সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ জন্মজয়ন্তী পালন       

 ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট,  ৮ ছেপ্টেম্বৰ :   ভাৰত ৰত্ন,সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা দেৱৰ জন্ম জয়ন্তীৰ উপলক্ষে যোৰহাট নগৰৰ দহাবৰা চুকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশিষ্ট শিল্পী গৰাকীৰ  প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু মাল্যাপনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । নগৰৰ ভোগদৈ মুখত সুধাকণ্ঠৰ জন্ম তিথি পালন কৰে । আনহাতে যোৰহাট  জিলাৰ অনুসূচীত জাতি পৰিষদৰ কাৰ্যলয়ত জিলা সমিতিৰ সভাপতি খানুৰাম দাস ,,সহ সম্পাদক জীৱন চন্দ্ৰ হাজৰিকা বিশিষ্ট সমাজ কৰ্মী তথা পৰিষদৰ কাৰ্যকৰি সদস্য ৰাতুল কুমাৰ দাস, কুকিল দাস  মহিলা পৰিষদৰ কেন্দ্ৰীয় উপ সভানেত্ৰী তথা যোৰহাট জিলাৰ সভানেত্ৰী ৰূপা দাস আৰু কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদিকা ইলা বণিয়াকে আদি কৰি অধ্যক্ষ ধন বৰ ভৰালী অনুসূচীত জাতি ছাত্ৰ সন্থাৰ বিষয় ববীয়াকে ধৰি সকলো সদস্যৰ উপস্থিত থাকি  মহান আত্মা গৰাকীৰ আত্মাই যাতে পুনৰ  বাৰ আমাৰ মাজত জন্ম গ্ৰহণ কৰে তাৰ কামনাৰে  ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবি পুষ্পঞ্জলি প্ৰদান আৰু বন্তি প্ৰজ্জলনেৰে  তেখেতৰ জন্ম তিথি পালন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *