Home Main Stories যোৰহাটৰ বিশিষ্টা সমাজ সেবীকা চাজবিন বেগম হাজৰিকাৰ ইঁহলীলাবৰণ – জানাজা সম্পন্ন

যোৰহাটৰ বিশিষ্টা সমাজ সেবীকা চাজবিন বেগম হাজৰিকাৰ ইঁহলীলাবৰণ – জানাজা সম্পন্ন

102
0

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১০ মে : যোৰহাটৰ বিশিষ্টা সমাজ সেৱীকা , পুৰণা বালিবাটৰ নিৰ্বাসী তথা তামান্না ফাউন্দিচনৰ সঞ্চালিকা তথা কংগ্ৰেছৰ যোৰহাট জিলাৰ সংখ্যালঘুৰ প্ৰাক্তন বিষয়ববীয়া চাজবিন বেগম হাজৰিকাৰ আজি পুৱা প্ৰায় ১০ মান বজাত যোৰহাট মেডিকেল কলেজ হস্পিতালত ইঁহলীলাবৰণ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৪৯ বছৰ । বেগম কভিডত আক্ৰান্ত হোৱাত যোৱা বিহস্পতিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল । ক্ৰমান্বয়ে সুস্থ হৈ আহিছিল যদিও আজি পুৱা তৎক্ষণাত স্বাস্থ্য অৱনতি হোৱাত ভেন্টিলেচনত ৰাখিবলগীয়া হয় আৰু তাতে তেওঁৰ মৃত্যু হয় । তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে যোৰহাটৰ পুৰণা বালিবাট অঞ্চলৰ দোকানসমূহ বন্ধ হৈ পৰে । দুগৰাকী কন্যা আৰু এজন পুত্ৰ ইহসংসাৰত এৰি থৈ যোৱা সমাজ সেৱীকা গৰাকীৰ জানাজা আজি বিয়লি যোৰহাট কবৰস্থানত কভিড নীতি নিয়ম অনুসৰি সম্পন্ন কৰা হয় । বিশিষ্টা মহিলা গৰাকীৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে । আৰু সংবাদ মাধ্যমলৈ যুৱ – ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতি , আমছু , উজনি অসম মুছলিম কল্যান পৰিষদ, পুৰণা বালিবাট মছজিদ পৰিচালনা সমিতি , নতুন বালিবাট মছজিদ পৰিচালনা সমিতি, যোৰহাট চেণ্ট্ৰেল ক্লাৱ , যোৰহাট জিলা জমিয়ত উলামা , ডেমক্ৰেটিভ ফৰাম যোৰহাট , ঈদগাহ সমিতি, কবৰস্থান সমিতি , সন্মিলিত মহিলা সমিতি সংঘ আৰু প্ৰগতিশীল মহিলা পৰিষদ, ৰাইজৰ দলৰ লগতে বিভিন্ন দল সংগঠন আৰু অনুষ্ঠানে শোক প্ৰকাশ কৰা বুলি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বার্তাত উল্লেখ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here