Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটৰ বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী আলহাজ ইকবাল আহমেদৰ  মৃত্যু : কাইলৈ জানাজা  

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট , ২৭ জুলাই  :  যোৰহাট বিশিষ্ট ব্যক্তি, তথা জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী, উজনি অসম হজ তদাৰক সমিতিৰ   সভাপতি, পুৰণা বালিবাট মছজিদৰ প্ৰাক্তন সভাপতি  আলহাজ ইকবাল আহমেদ( ডিউক)ৰ কোৰোনাত আক্ৰান্ত হৈ সোমবাৰে সন্ধিয়া প্ৰায় ৬ মান বজাত  যোৰহাটৰ কভিড হস্পিতালত মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ ৮৬ বছৰ বয়স হৈছিল । উল্লেখ্য যে জানিব পৰা মতে কেইদিনমানৰ পৰা তেওঁৰ জ্বৰত আক্ৰান্ত হৈছিল । স্বাস্থ্য অধিক অৱনতি হোৱাত তেওঁক দেওবাৰে  যোৰহাট মেডিকেল কলেজৰ  চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । কিন্তু  কোৰোনাত আক্ৰান্ত হোৱাৰ সন্দেহত  তেওঁক কভিড হস্পিতালত ভৰ্তি কৰাই  চিকিৎসা কৰি থকা হৈছিল  । আৰু আজি সন্ধিয়া মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁ পত্নী , এজন  পুত্ৰ , এগৰাকী কন্যা , নাতি আৰু  ভাতৃকে আদি কৰি বৃহৎ পৰিয়াল ইহসংহাৰত এৰি থৈ গৈছে । তেওঁৰ মৃত্যুত যোৰহাটত শোকৰ ছাঁ পৰিছে । কাইলৈ  দুপৰীয়া ১২,বজাত  যোৰহাট কবৰস্থানত জানাজা সম্পন্ন কৰা হব । উল্লেখ্য যে আহমেদৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে তেঁওৰ ঘৰৰ সন্মুখত বহু গুণমুগ্ধৰ লগতে বিভিন্ন জামাতৰ লোক আহি সমাগম কৰে । তেওঁৰ মৃত্যুত উজনি অসম হজ তদাৰক কমিটি, জিলা হজ কমিটি , কবৰস্থান কমিটি, যোৰহাট চেণ্ট্ৰেল ক্লাৱ, পুৰণা বালিবাট মছজিদ, ন মছজিদৰ পৰিচালনা সমিতি , গণতান্ত্ৰিক ফৰাম যোৰহাট জিলা সমিতি, উজনি অসম মুছলিম কল্যান পৰিষদ , জামাত কল্যান সমিতি তৰাজান মছজিদ সমিতিৰ লগতে জিলা কংগ্ৰেছ , প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী , আছু, যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বহু দল সংগঠনে ফোন কৰি শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰা বুলি উল্লেখ কৰে । আনহাতে তেওঁ প্রকৃততে কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে নে আন ৰোগত মৃত্যু হৈছে সেই সন্দৰ্ভত বাতৰি লিখা পয্যন্তলৈকে জিলা প্ৰশাসনে কোনো তথ্য প্ৰকাশ কৰা নাই । যদিও তেওঁ কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি হে জানিব পৰা গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *