Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাটৰ লগতে উজনি অসমৰ বিভিন্ন স্থানত  ইউৰিয়া আৰু ডিএপি সাৰৰ ক’লা বজাৰ : প্ৰকৃত মূল্যতকৈ অধিক মূল্যত বিক্ৰী অসাধু ব্যৱসায়ীৰ, মৌন প্ৰশাসন 

গণ বার্তা, নকছাৰী, ৪ ছেপ্টেম্বৰ :   উজনি অসমৰ লগতে যোৰহাটতো ইউৰিয়া আদিকে ধৰি কৃষিত লগা  সাৰ সমূহ একাংশ ব্যৱসায়ীয়ে ক’লা বজাৰ সৃষ্টি কৰাৰ লগতে  অধিক দামত বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈছে ।   ৰাজ্য চৰকাৰ তথা বিভাগীয় কতৃপক্ষই সাৰৰ মূল্য নিৰ্ধাৰণ কৰাৰ পাছতো  একাংশ অসাধু ব্যৱসায়ীয়ে  মূল্য বৃদ্ধি কৰি কৃষকক ৰাম টাঙোন মাৰি লুটি পুটি খোৱা, অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে  কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰাত  কৃষকসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । উল্লেখ্য যে  প্ৰতি ৪৫ কিলো  ইউৰিয়াৰ বেগত MRP আছে ২৬৬.৫০ টকা, কিন্ত খেতিয়কে এই ২৬৬.৫০ টকীয়া দামৰ সাৰৰ বেগতো  ক্ৰয় কৰিব লাগে ৪৫০ টকাৰ পৰা ৪৮০ টকাকৈ।
ইটোৰ পাছত সিটো অভিযোগ উত্থাপন  হোৱাৰ পাছতো ৰাজ্য চৰকাৰ তথা কৃষিবিভাগে সাৰৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত  কোনো গুৰুত্ব নিদিয়াত মৰিয়নীৰ এজন যুৱকে সমগ্ৰ বিষয়তো e-mail যোগে Ministry of Agriculture & Farmers Welfare ক অৱগত কৰে। উল্লেখ যে যুৱক জনে বিষয়তো e-mail কৰাৰ পাছত এতিয়া Ministry of Agriculture & Farmers Welfare. Deppt. of Agriculture, Corporation  and Farmers Welfare,  কৃষি ভৱন, নিউ দিল্লিৰ পৰা,  কৃষিবিভাগৰ সঞ্চালক, অসম চৰকাৰ, কাহিলীপাৰালৈ পত্ৰ পেৰন কৰি সমগ্ৰ বিষয়তোৰ ওপৰত  প্ৰতিবেদন  দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। সঞ্চালকলৈ প্ৰেৰন কৰা পত্ৰৰ প্ৰতিলিপি যুৱক জনলৈকো প্ৰেৰন কৰিছে। এতিয়া ৰাজ্যৰ কৃষিবিভাগৰ সঞ্চালক জনে এই সন্দৰ্ভত   কেন্দ্ৰক কি উত্তৰ দিয়ে সেয়াহে লক্ষ্যনীয়  হব।

Leave a Reply

Your email address will not be published. Required fields are marked *