Monday , September 21 2020
শেহতীয়া খবৰ

Video | যোৰহাট আৰক্ষীৰ বৃহৎ সাফল্য : ২৪ ঘণ্টাৰ ভিতৰত আৰক্ষীৰ জালত পৰিল চিকিৎসক হত্যাকাৰী 

হত্যাকাণ্ডৰ কাৰণ  এতিয়াও ৰহস্যৰ আৱৰ্ত্তত

 

Key Suspect in Jorhat Doctor's murder arrested

যোৰহাটত চিকিৎসাক হত্যা কৰা হত্যাকাৰী গ্ৰেপ্তাৰ । উন্মোচন হৈছে বহু ৰহস্য । Ganaadhikar. Com | Our Print Daily : Dainik Gana Adhikar

Posted by Gana Adhikar on Sunday, 6 September 2020

ষ্টাফ ৰিপৰ্টাৰ, গণ বাৰ্তা বিশেষ, যোৰহাট, ৬ চেপ্তেম্বৰ :  যোৰহাট কপাই যোৱা জে, কে, শইকীয়া মেম’ৰিয়েল হোমিওপেথিক কলেজৰ ইন্টাৰ্ণ চিকিৎসক ডাঃ ৰাহুল বসুমতাৰীৰ হত্যাকাৰী ২৪ ঘন্টাৰ ভিতৰতে পৰিল যোৰহাট আৰক্ষীৰ জালত ।  শনিবাৰৰ পুৱতি নিশা চহৰৰ চন্দন নগৰৰ ৪ নং বাইলেনৰ এটা ভাড়া ঘৰত উদ্ধাৰ হৈছিল তেজেৰে তুৰুমলী হৈ থকা ডাঃ ৰাহুলৰ মৃতদেহ । শুকুৰবাৰৰ নিশাই  সংঘটিত হৈছিল এই লোহমৰ্ষক হত্যাকাণ্ডটো ।  ইয়াৰ পিছতে যোৰহাট আৰক্ষীৰ জোৰদাৰ তদন্ত আৰম্ভ হৈছিল আৰু আৰু  অৱশেষত সদৰ গেটৰ সমীপৰ ৰাহুলৰ ঘনিষ্ঠ বন্ধু দিগন্ত তাঁতী নামৰ হত্যাকাৰী জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । হত্যা কৰাৰ পাছত   যুৱ চিকিৎসক জনৰ পৰা লৈ যোৱা মোবাইল, ডি এছ এল আৰ কেমেৰাৰ লগতে নগদ ২৭ হাজাৰ ৫৮৫  টকা,কাপোৰ, দুটা ঘড়ী, মোবাইল চার্জ কৰা সামগ্ৰী, হেড ফোন, পাৱাৰ বেংক   আৰু অন্যান্য নঠি পত্ৰৰ উপৰিও চিকিৎসক জনৰ মটৰচাইকেল খনো উদ্ধাৰ কৰিছে আৰক্ষীয়ে টোকোলাই চাহ বাগিচাৰ এঘৰৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ।  উল্লেখযোগ্য যে ৰাহুল বসুমতাৰীৰ সৈতে যথেষ্ঠ সু সম্পৰ্ক আছিল হত্যাকাৰী দিগন্ত তাঁতীৰ । ইয়াৰোপৰি হত্যাকাণ্ড সংঘটিত হোৱা নিশা দুয়ো একেলগে ভাত খাইছিল । আজি এক সংবাদ মেল যোগে এই কথা সদৰী কৰি জিলা আৰক্ষী অধীক্ষক মৃণাল তালুকদাৰে কয় যে হত্যাকাণ্ড কিয় সংঘটিত হ’ল সেয়া এতিয়াও নিশ্চিত হোৱা নাই । নিশা দুয়ো একেখন বিচনাতে শুইছিল আৰু পুৱতি নিশালৈ এই হত্যাকাণ্ড সংঘটিত কৰি হত্যাকাৰী দিগন্তই অতি সহজে গেটৰ তলা খুলি আতৰি গৈছিল । দিগন্ত যোৰহাটৰ পৰা পলাই যোৱাৰ পৰিকল্পনা কৰিছিল যদিও আৰক্ষীৰ তীব্ৰ অভিযানৰ আগত সেয়া বিফল হয় । ইতিমধ্যে দিগন্তই হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে বুলিও কয় আৰক্ষী অধীক্ষক জনে । উল্লেখ্য যে নগৰৰ চন্দন নগৰৰ ডাঃ ৰাহুলৰ মৃতদেহ উদ্ধাৰ হোৱা সেই  কোঠাটোত আৰক্ষীয়ে সূক্ষ্ম ভাবে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল বহু ক্লু । চিকিৎসকৰ মোবাইল ফোনটো নিয়েই কাল হল হত্যাকাৰীৰ দিগন্তৰ । হত্যাৰ দিনাই দিগন্তই ডাঃ ৰাহুলৰ মোবাইল ফোন ট্ৰেচ কৰাৰ লগতে আৰু কেইবাটাও তথ্যৰ ভিত্তিতে হত্যাকাৰী দিগন্ত তাঁতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । ডকাইতিৰ বাবেই নে আন কিবা কাৰণত চিকিৎসক জনক হত্যা কৰিলে হত্যাকাৰীয়ে ,সেইয়া তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *