Wednesday , September 23 2020
শেহতীয়া খবৰ

যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্য  মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাটৰ ৱাৰ্ডসমূহত স্থাপন হব  স্কিনিং চেণ্টাৰ ; স্থাপন হব অস্থায়ী কভিড হস্পিতাল

ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ১৮ জুলাই ঃ অহা  সোমবাৰৰ পৰা গুৱাহাটী আৰু যোৰহাটত আনলক পৰ্যায়েৰে কিছু শিথিল কৰা হ’ব । অৱশ্যে এই লকডাউনৰ সন্দৰ্ভত জিলাখনৰ উপায়ুক্তইহে সঠিক  সিদ্ধান্ত ল’ব । আনলক কৰা হ’লেও  সকলোবোৰ  খুলি দিয়া নহ’ব । –এই মন্তব্য ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ । শনিবাৰে মন্ত্ৰীগৰাকীয়ে  যোৰহাটৰ আৱৰ্ত ভৱনৰ সভাকক্ষত জিলা প্ৰশাসনৰ লগতে জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলৰ সৈতে হোৱা আলোচনাৰ পাছতে  সাংবাদিকসকলৰ  সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেওঁ এইদৰে কয় ।  যোৰহাটৰ বিভিন্ন ৱাৰ্ডত  ক’ভিড ¦ক্ৰীনিং চেণ্টাৰ স্থাপন কৰাৰ লগতে এখন অস্থায়ী ক’ভিড হাস্পতালো নিৰ্মাণ  কৰা হ’ব, যাতে চাৰি-পাঁচশ মানুহক  একেলগে চিকিৎসা কৰিব পৰা যায়, লগতে চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰোঁতে হোৱা কেতবোৰ সমস্যা সমাধানৰ ব্যৱস্থা কৰা হয় বুলি তেওঁ উল্লেখ কৰে।  আগষ্ট মাহত ক’ভিডৰ সংখ্যা বাঢ়িব পাৰে, তাৰ বাবে আতংকিত হোৱাৰ প্ৰয়োজন নাই,  স্বাস্থ্য বিভাগে যিমান পাৰে ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে ৰাজ্য চৰকাৰে ঘোষণা কৰা বাজেটৰ  সকলো আঁচনিৰ কাম অহা ১ আগষ্টৰ পৰা আৰম্ভ হ’ব।

গুৱাহাটীৰ লগতে যোৰহাটতো ৰেপিড টেষ্ট আৰম্ভ কৰা হ’ব, ¦ক্ৰীনিং চেণ্টাৰতো টেষ্ট  কৰা হ’ব ।  এই টেষ্টত মাত্ৰ  আধা ঘণ্টাতে প্ৰথম ফলাফল ঘোষণা কৰা হ’ব । তাত পজিটিভ হ’লে পজিটিভ আৰু নিগেটিভ হ’লে পুনৰ আন এটা টেষ্ট কৰা হ’ব । ২৪ ঘণ্টা পাছত ইয়াৰ ফলাফল ঘোষণা কৰা হ’ব  । ২১ জুলাইত  গুৱাহাটীত তিনিটা নতুন লেব আৰম্ভ হ’ব, সেয়েহে নগাঁৱৰ টেষ্টসমূহ এতিয়াৰ পৰা গুৱাহাটীতে কৰা হ’ব । তেতিয়া যোৰহাটৰ লেবত আৰু কষ্ট নহয় । ফলাফলসমূহ এতিয়া আৰু সোনকালে আহিব বুলি কয় । উল্লেখ্য যে  ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে শনিবাৰে পুৱাই যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ মহাবিদ্যালয়ৰ চিকিৎসালয় পৰিদৰ্শন কৰি তেওঁ পিপিই কিট পৰিধান কৰি কোৰোনাক্ৰান্তসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু   চিকিৎসকসকলৰ লগতে চিকিৎসাকৰ্মীসকলৰ সৈতে আলোচনা কৰে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ে সুন্দৰকৈ মোকাবিলা কৰা বুলি তেওঁ উল্লেখ কৰে। আনহাতে তেওঁ চিকিৎসা মহাবিদ্যালয়তে সাংবাদিকক কয় যে অহা আগষ্ট মাহত ৰাজ্যত ৬৫ হাজাৰলৈকে বৃদ্ধি পাব কোৰোনা ৰোগীৰ সংখ্যা। এই তথ্য দিছে কেন্দ্ৰীয় চৰকাৰে।

যোৰহাটৰ সংক্ৰমণৰ সংখ্যা গুৱাহাটীৰ সমান। যদিহে ক’ভিড-১৯ আক্ৰান্ত লোকৰ ঘৰত সুব্যৱস্থা থাকে, অৰ্থাৎ বয়োজ্যেষ্ঠ লোক নাথাকে, আছুতীয়া শৌচালয় থাকে, অক্সিজেনৰ মাত্ৰা কম হ’লে গাড়ীৰে নিব পৰা সুব্যৱস্থা থাকে, তেনে লোকে যদি ইচ্ছা কৰে ক’ভিড-১৯ পজিটিভ হ’লেও হোম কোৱাৰেন্টাইনত থাকিব পাৰে। ক’ভিড মহামাৰী শেষ নোহোৱালৈকে অথবা নিয়ন্ত্ৰণ নোহোৱা পৰ্যন্ত  কোনো ধৰণৰ নতুন নিযুক্তি নহয় বুলিও তেওঁ উল্লেখ কৰে । অৱশ্যে যি ১১ হাজাৰ এল পি পদৰ নিযুক্তি হৈ গৈছিল তেওঁলোকৰ নিযুক্তি হ’ব বুলি কয়। আনহাতে হৃদৰোগত ভুগি থকা লোকসকলক ইঞ্চুলিন আৰু প্ৰয়োজনীয় ঔষধপাতি যোগান ধৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। যদিহে চিকিৎসালয়ত থকা কোৰোনা ৰোগীৰ আত্মীয়ই ঘৰৰ পৰা খাদ্য যোগান ধৰিব বিচাৰে ডিস্প’জেবল পেকেটত খাদ্য-সামগ্ৰী দিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। আজিৰ পৰ্যালোচনা সভাত ৰাজহ আৰু দুৰ্যোগ প্ৰশমন আদি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ তপন গগৈ, বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক ৰূপজ্যোতি কুৰ্মী, ভবেন ভৰালী, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰতিনিধি হিচাপে পুতুল বুঢ়াগোহাঁই, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য বিভাগৰ নডেল বিষয়া আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষকৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ লগতে অন্যান্য কৰ্মচাৰীসকলো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *