Friday , September 25 2020
শেহতীয়া খবৰ

যোৰহাট জ্যোতি চিনে ক্লাবৰ ” হীৰুদাৰ দিন ” উদযাপন : বিভিন্ন প্ৰতিযোগীতাৰ ফলাফল ঘোষনা

আফটাৰ মঠ” লৈ শ্ৰেষ্ঠ ছুটি ছবিৰ সন্মান

গণবাৰ্ত বিশেষ, যোৰহাট, ২৮ জুলাই : যোৰহাট জ্যোতি চিনে ক্লাব আৰু হীৰেন ভট্টাচাৰ্য স্মৃতি ৰক্ষন সমিতিৰ যৌথ উদ্যোগত সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেবৰ ৮৮ সংখ্যক ওপজা দিনটি বিগত বছৰ সমুহৰ দৰেই এইবাৰো যোৰহাট ষ্টেডিয়ামত অৱস্থিত ” সুৰৰ দেউল সংগীত বিদ্যালয়ৰ” ভৱনত বৰ্তমান পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ পূৰ্বে কবিগৰাকীৰ জন্মগৃহত এই অনুষ্ঠান আয়োজন কৰা হৈছিল যদিও  জিলা কাৰাগাৰৰ কৰোনা আক্ৰান্ত বৃদ্ধি পোৱাত স্থান সলনি কৰিব লগা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে উদ্যোক্তা সকলৰ হৈ সমীৰন বৰদলৈয়ে লগতে সমুহ উপস্থিত কৰ্মকৰ্তা সকলে  প্ৰাৰ্থনাৰে মাংগলিক কাৰ্য্য সমাপন কৰে ৷ উদ্যোক্তা সকলৰহৈ বক্তব্য ৰাখে সমীৰন বৰদলৈ আৰু ৰূপকুমাৰ বৰাই ৷ এই অনুষ্ঠান উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ ফলাফল সমুহ আৰু প্ৰতিযোগিতাৰ বিষয়ে দুআষাৰ বক্তব্য আগবঢ়াই জ্যোতি চিনে ক্লাবৰ বৰ্তমান সভাপতি জয়ন্ত নাথে ৷ সামৰনিত চিনে ক্লাবৰ সম্পাদক দীপক নাথে শলাগৰ শৰাই আগবঢ়াই ৷ আজিৰ অনুষ্ঠানত মৃদুল ভূঞাৰ সুৰত জয়ন্ত নাথে কণ্ঠদান কৰা আৰু ইন্দিৰা দেৱীৰ কণ্ঠত জয়ন্ত নাথে সুৰ দিয়া দুটি কবি গৰাকীৰ ৰচিত গীত মুকলি কৰা হয় ৷ প্ৰতিযোগিতা সমুহৰ ফলাফল সমুহ হীৰেন ভট্টাচাৰ্য দেবৰ অপ্ৰকাশিত অৰ্থাৎ নতুনকৈ সুৰ দি পৰিবেশন কৰা গীতৰ বিশেষ প্ৰতিযোগিতাত প্ৰথম ৰন কোঁৱৰ আৰু দ্বিতীয় জয়া ইৰানী ৷ হীৰুদাৰ প্ৰকাশিত গীতৰ উচ্চ শাখাৰ প্ৰথম নম্ৰতা শৰ্মা , দ্বিতীয় ধীৰাজ ডেকা , তৃতীয় শালিনী দুৱৰা ৷ নিম্ন শাখাৰ প্ৰথম আস্থা শৰ্মা , দ্বিতীয় পাৰ্লিৰন্জনী গগৈ আৰু তৃতীয় অৰ্চিতা নন্দিনী ভৰদ্বাজ ৷ বিচাৰকৰ বিশেষ বঁটা দিব্যাংগ প্ৰতিযোগী অভিলাষ বৰঠাকুৰ আৰু চাৰিকুৰি বছৰীয়া জ্যেষ্ঠ প্ৰতিযোগী নৰেন পূজাৰী ৷ গীত প্ৰতিযোগিতাৰ সকলো পুৰস্কাৰ প্ৰাপক প্ৰতিযোগীকে মানপত্ৰ, নগদ ধনৰ পুৰস্কাৰ সমুহ আগবঢ়াইছে স্বৰ্গীয় বীনাপানি বৰাৰ সোঁৱৰনত পৰিয়াল বৰ্গৰ হৈ চিনে ক্লাবৰ সদস্য   ৰত্নামনি বৰা আৰু দীপক বৰাই ৷ হীৰেন ভট্টাচাৰ্য দেবৰ যিকোনো গীত বা কবিতাক বিষয় হিচাবে লৈ আয়োজন কৰা চিত্ৰাংকন প্ৰতিযোগিতাৰ উচ্চ শাখাৰ প্ৰথম প্ৰশান্ত কুৰ্মী , দ্বিতীয় দেবাশীস বৰুৱা , তৃতীয় ৰাজকমল বৰা ৷ নিম্ন শাখাত প্ৰথম  শ্বাতাক্ষী শৰ্মা , দ্বিতীয় চানভি দেৱী আৰু তৃতীয় আৰ্চিকা শইকীয়া ৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ সমুদায় নগদ ধনৰ পুৰস্কাৰ আগবঢ়াইছে প্ৰয়াত হৰেন্দ্ৰ নাথ শৰ্মাৰ সোঁৱৰনত পৰিয়াল বৰ্গৰ হৈ চিনে ক্লাবৰ সদস্য জাবালিক খাউণ্ডে ৷ হীৰেন ভট্টাচাৰ্য দেবৰ ৰচিত কবিতা আবৃত্তি প্ৰতিযোগিতাৰ উচ্চ শাখাৰ প্ৰথম ঈশানী বৰুৱা ভট্টাচাৰ্য , দ্বিতীয় ময়ুৰী শইকীয়া আৰু তৃতীয় প্ৰাচুৰ্য্য প্ৰান গোস্বামী ৷ বিচাৰকৰ বিশেষ বঁটা মাধুৰ্য্য বেজবৰুৱা ৷ নিম্ন শাখাৰ প্ৰথম ধ্ৰুবাংগী কেঁওট , দ্বিতীয় প্ৰিয়াংশু পল্লব কৌশিক আৰু তৃতীয় প্ৰিয়াংগন বৰা ৷ বিচাৰকৰ বিশেষ বঁটা অন্যুন কাশ্যপ , অমিশা বৰা , ভাস্বতী কেঁওট আৰু উত্তমা শৰ্মা ৷কবিতা প্ৰতিযোগিতাৰ পুৰস্কাৰ সমুহ উদযাপন সমিতিৰ ফালৰ পৰা দিয়া হৈছে ৷ সমুহ প্ৰতিযোগিতা সদৌ অসদ ভিত্তিত আছিল ৷ এই অনলাইন যোগে অনুষ্ঠিত প্ৰতিযোগিতা সমুহত অসমৰ ইমুৰৰ পৰা সিমুৰলৈ মুঠ দুই শতাধিক প্ৰতিযোগীয়ে ভাগ লৈছিল ৷ উদ্যোক্তা সকলে জনায় যে এই মহান কবি গৰাকীৰ সৃষ্টিৰাজী নতুন প্ৰজন্মলৈ কঢ়িয়াই নিয়াত এই প্ৰদক্ষেপ উৎসাহ জনক ৷ অনাগত দিন সমুহত এনে ধৰনৰ প্ৰতিযোগিতা অধিক বহুল ভাবে পাতিব পৰা হব বুলি উল্লেখ কৰে ৷ আজিৰ অনুষ্ঠানৰ সামৰনিত উপস্থিত সংবাদ মাধ্যমৰ ব্যক্তি সকল আৰু সদস্য সকলৰ মাজত সামাজিক ব্যৱধান  বজাই ৰাখি  প্ৰসাদ বিতৰনেৰে সামৰনি মৰা হয় ৷ অনুস্থানতে  জ্যোতি চিনে ক্লাবৰ সদস্য সকলৰ মাজত লকডাউনৰ সময়চোৱাত কৰোনা মহামাৰীৰ সজাগতা বিষয়ক এলানি চুটি ছবিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল ৷ তাৰ প্ৰথম পুৰস্কাৰ লাভ কৰে জাবালিক খাউণ্ড পৰিচালিত ” আফটাৰমঠ ” , দ্বিতীয় পুৰস্কাৰ লাভ কৰে যুটিয়া ভাবে ঈশানী ভট্ট বৰুৱা পৰিচালিত ” এনাজৰী ” আৰু দিব্যজ্যোতি বৰগোহাঞি শইকীয়া পৰিচালিত “শ্বাস্বত ” , আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে যুটিয়া ভাবে বিদ্যুত শইকীয়া পৰিচালিত ” মমতা ” আৰু ইন্দিৰা দেৱী পৰিচালিত “দ্বায়িত্ব ” ৷

Leave a Reply

Your email address will not be published. Required fields are marked *