Wednesday , September 23 2020
শেহতীয়া খবৰ

যোৰহাট ৰয়েল ৰোডৰ বিশিষ্ট ব্যক্তি আলি হাইদৰ মজিন্দাৰ বৰুৱাৰ মৃত্যু

 ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ৭ আগষ্ট  :  যোৰহাট ৰয়েল ৰোডৰ বিশিষ্ট ব্যক্তি মৰহুম আব্দুল হেমিড মজিন্দাৰ বৰুৱাৰ একমাত্ৰ পুত্ৰ আলী হাইদৰ মজিন্দাৰ যোৱা ৪ আগষ্টত পুৱা প্ৰায় ৮:৪৫ মান বজাত  নিজ বাসগৃহতে মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৩ বছৰ । তেওঁ কিছু দিনৰ পৰা মধুমেহ ৰোগত ভুগি আছিল । উল্লেখ্য যে  এসময়ত আলী হাইদৰ ৰয়েল ৰোড অঞ্চলৰ এজন সফল ব্যৱসায়িক আছিল । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুগৰাকী জী ,জোঁৱাই আৰু একমাত্ৰ পুত্ৰ দ্বীপ মজিন্দাৰ বৰুৱা সহ নাতি- নাতিনীকে আদি কৰি বৃহৎ পৰিয়াল ইহসংহাৰত এৰি থৈ গৈছে । সেই দিনাই যোৰহাট কৱস্থানত তেওঁৰ জানাজা সম্পন্ন কৰা হয় । লোক জনৰ মৃত্যুত ৰয়েল ৰোড অঞ্চলত শোকৰ ছাঁ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *