Monday , September 21 2020
শেহতীয়া খবৰ

লকডাউনৰ নীতি নমনাৰ বিৰুদ্ধে কঠোৰ হ’ব আৰŽক্ষী,২০ এপ্ৰিল পৰ্যন্ত কঠোৰ হ’ব লকডাউন

কলাক্ষেত্ৰত পৰ্যালোচনা বৈঠকৰ পিছতে আৰŽক্ষী সঞ্চালক প্ৰধানৰ মন্তব্য

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ লকডাউনৰ নীতি-নিয়ম উলংঘা কৰাৰ বিৰুদ্ধে কঠোৰ হ’ব লাগিব অসম আৰক্ষী। আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত আৰক্ষীৰ পৰ্যালোচনা বৈঠকৰ পিছতে এইদৰে মন্তব্য প্ৰদান কৰিছে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। মহানগৰীৰ সকলো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ পিছতে লকডাউনৰ নিয়ম-নীতি সন্দৰ্ভত কঠোৰ হোৱাৰ ইংগিত দিয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে।

বৈঠকত ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক আগন্তক এক সপ্তাহ অধিক কঠোৰ হোৱাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। একমাত্ৰ জৰুৰীকালীন সেৱা, খাদ্য-সামগ্ৰীৰ যোগান আৰু বিভাগৰ দ্বাৰা অনুজ্ঞাপত্ৰ থকা বাহন চলাচল কৰিব পাৰিব বুলি উল্লেখ কৰে সঞ্চালক প্ৰধান মহন্তই।

তেওঁ লগতে ৰাইজক আহ্বান জনায় কয়, ঞ্জ‘কোনেও ব্যক্তিগত গাড়ী লৈ বাহিৰলৈ ওলাই নাহিব। অনাহকত ওলাই আহিলে বিপদত পৰিব’। উল্লেখ্য যে যিসকল ব্যক্তি বাহিৰলৈ ওলায় যাব তেওঁলোকৰ হয়তো আইকাৰ্ড, আৰক্ষী আৰু অসম ৰাজ্যিক দুৰ্যোগ প্ৰসমন বিভাগৰ দ্বাৰা দিয়া অনুজ্ঞাপত্ৰ থকাটো জৰুৰী। অন্যথা কাকো ৰেহাই দিয়া নহ’ব বুলি কঠোৰভাৱে জনায় মহন্তই। আনহাতে ৰেহাই দিয়া সেৱা সমূহ চলি থাকিব। কিন্তু সেইসমূহত জড়িত সকলোৱে সামাজিক দূৰত্ব মানি চলিব লাগিব বুলি উল্লেখ কৰি মহন্তই কয়, ঞ্জ‘সামাজিক দূৰত্ব ভংগ কৰিলে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব’।

এই বৈঠকতে আন কেতবোৰ আন এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি জ্যেষ্ঠ নাগৰিকৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলাত মুকলি হ’ব হেল্পলাইন নম্বৰ। জ্যেষ্ঠ নাগৰিকসকল যদি কোনো সমস্যাত পৰে তেন্তে সেই হেল্পলাইন নম্বৰত ফোন কৰিলে আৰক্ষীৰ ফালৰ পৰা কৰা হ’ব সহায় কৰা হ’ব বুলি মহন্তই জানিব দিয়ে। ইফালে ৰাজ্যিক পৰিবহণ বিভাগক বিপদত পৰা ব্যক্তি সকলক সহায় কৰাৰ বাবে সীমিত সংখ্যক টেক্সি সেৱা মুকলি কৰাৰ বাবে আৰক্ষীৰ ফালৰ পৰা আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *