Wednesday , September 23 2020
শেহতীয়া খবৰ

লকডাউনৰ মাজতে বাক্সাৰ আঠীয়াবাৰীত দুই ভাতৃক হানি-খুচি হত্যা

দৈনিক গণ অধিকাৰঃ যি সময়ত দেশ তথা ৰাজ্যত লক ডাউন চলি আছে তেনে সময়তে নামনি অসমৰ বাণিজ্য প্ৰধান চহৰ বৰপেটাৰোডৰ সমীপৰ বাক্সা জিলাৰ শিমলাগুৰী আৰক্ষী চকীৰ অধীনৰ আঠীয়াবাৰীত আজি ৰাতিপুৱাৰ ভাগত দুই ভাতৃক অচিনাকী লোকে হানি খুচি নিজ গৃহতে হত্যা কৰি ঘৰ বাৰী জ্বলাই দিয়াৰ ঘটনাই সমগ্র বাক্সা জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আঠীয়াবাৰী অঞ্চলৰ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে হৰধন দাস(৪০) আৰু বিশ্বজিৎ দাস(৩৫)নামৰ দুই মৃতভাতৃয়ে কেইবা বছৰ ধৰি দাবী ধমকিৰে ধনদাবী কৰি ভিন্ন জনক ভয় ভাবুকি দিয়াৰ ওপৰিও অঞ্চলটো এক উশৃংঙ্খল পৰিৱেশৰ সৃষ্টি কৰিছিল।

মৃত হৰধন আৰু বিশ্বজিতৰ বিৰুদ্ধে দীৰ্ঘদিনৰে পৰা বিভিন্ন অপৰাধমুলক কামৰ সৈতে জড়িত থকাৰ ওপৰিও আৰক্ষী থানাত বহু কেইটা গোচৰো ৰুজু হৈ আছে বুলি উল্লেখ কৰিছে।উল্লেখযোগ্য যে দুয়ো গৰাকী ভাতৃয়ে অইন এক গোচৰত কাৰাগাৰত বন্দী হৈ আছিল যদিও লকডাউনৰ বাবে তেওলোকক সাময়িক ভাবে ৰেহাই দিছিল।

বাক্সা জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক কুমাৰ থুবে য়ে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে দোষ যিমানেই নকওক কিয় আইন কোনোয়ে হাতত তুলি লব নোৱাৰিব। গতিকে এই হত্যা কাণ্ডৰ অতি শীঘ্ৰেই ইয়াৰ এক সঠিক তদন্ত হব আৰু এই ঘটনাৰ সৈতে জড়িত ব্যক্তিসকলক চিন্হিত কৰি কৰায়ত্ত কৰাৰ ব্যৱস্থা কৰিম। ইফালে মৃত ব্যক্তি দুগৰাকীৰ পৰিয়ালৰ লোকে শিমলাগুৰী আৰক্ষী চকীত হত্যাকাণ্ডৰ লগত জড়িতৰ সন্দেহত প্ৰায় ২৪ গৰাকী লোকৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰিছে ।ইফালে শিমলাগুৰি আৰক্ষীয়ে মৃত দুয়ো ভাতৃৰ মৃতদেহ মৰুণোত্তৰ পৰীক্ষাৰ বাবে মছলপুৰলৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *