Friday , September 25 2020
শেহতীয়া খবৰ

লকডাউনৰ সময়সীমা বৃদ্ধিৰ সম্ভাৱনা ,সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীৰ ইংগিত

দৈনিক গণঅধিকাৰ, নতুন দিল্লীঃ লকডাউনৰ সময়সীমা দেশত বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰন্সৰ জড়িয়তে দেশৰ প্ৰধান ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ লগত কোৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি সম্পৰ্কে বিতং আলোচনা কৰে আৰু লকডাউনৰ ফলত দেখা দিয়া অসুবিধাৰ বিষয়েও বিষদ আলোচনা কৰে। ৰাজনৈতিক নেতৃবৃন্দৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতি সম্পৰ্কে পৰ্যালোচনা কৰাৰ লগতে ৰাজনৈতিক নেতাসকলৰ পৰাও তেওঁ এই পৰিস্থিতি সম্পৰ্কে নতুন তথ্য অৱগত হ’ব বিচাৰে আৰু সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কে তেওঁলোকৰ মতামত বিচাৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে সংসদীয় বিৰোধী নেতাসকলৰ পৰা কোৰোনা ভাইৰাছ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অভিজ্ঞতা আৰু পৰামৰ্শ আহবান কৰে। কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ দেশত আৰোপ কৰা লকডাউন সম্পৰ্কে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজনৈতিক নেতাসকলৰ আগত কয়, সমগ্ৰ দেশ এক অভূতপূৰ্ব তথা অপ্ৰত্যাশিত পৰ্যায়ৰ মাজেৰে অগ্ৰসৰ হ’বলগা হৈছে। দেশৰ প্ৰয়োজনীয়, দেশবাসীৰ প্ৰয়োজনত অবাঞ্চিত যদিও লকডাঊনৰ সিদ্ধান্ত গ্ৰহণ কৰিবলগা হৈছে। তেওঁ কয় যে ৰাজনৈতিক নেতাসকলৰ মন্তব্য শুনাৰ পিছত ধাৰণা হৈছে যে দেশত ইতিমধ্যে আৰোপ কৰা লকডাউন সহজে প্ৰত্যাহাৰ কৰা সম্ভৱ নহ’ব। কেন্দ্ৰীয় তথা ৰাজ্যিক প্ৰশাসনিক কতৃÇপক্ষই জিলাস্তৰ পৰ্যন্ত দেশৰ সৰ্বত্ৰ যোগাযোগ ৰক্ষা কৰি আছে।

জিলা স্তৰৰ পৰা যি তথ্য আৰু অভিজ্ঞতা লাভ কৰা হৈছে অথবা সমগ্ৰ বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই সমগ্ৰ দেশবাসীয়ে লকডাউনৰ ওপৰত দেশবাসীয়ে আস্থা ৰাখিছে আৰু কোৰোনা ভাইৰাছৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধত সকলোৱে সহযোগ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। এই যুদ্ধৰ একমাত্ৰ লক্ষ্য হৈছে মানুহৰ প্ৰাণ মহামাৰিৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰা। দেশৰ কেইবাখনো ৰাজ্যৰ পৰা লকডাউনৰ ম্যাদ বৃদ্ধি কৰিব লাগে বুলি প্ৰধানমন্ত্ৰীক অনুৰোধ জনোৱা হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ সময়ত ৰাজনৈতিক নেতৃবৃন্দৰ আগত এইকথা সদৰি কৰে। তেওঁ কয় যে দেশৰ সকলো ৰাজ্যৰ লগত তেওঁ যোগাযোগ ৰক্ষা কৰি আছে আৰু প্ৰতিজন মুখ্যমন্ত্ৰীৰ সৈতে এই সম্পৰ্কে তেওঁ ব্যক্তিগতভাৱে আলোচনা কৰিব। এক বিশেষ সূত্ৰৰ খবৰ অনুযায়ী অহা শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলৰ সৈতে এক বৈঠকত মিলিত হ’ব। জানিব পৰা মতে এই বৈঠকৰ পিছতে লকডাউনৰ ম্যাদ বৃদ্ধি সম্পৰ্কে চূড়ান্ত সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব।

আজি ভিডিঅ’ কনফাৰেন্সৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰসংগ উত্থাপন কৰি কয় যে বিশ্বযুদ্ধৰ আগতে আৰু ইয়াৰ পিছত যেনেকৈ মানুহৰ জীৱন যাত্ৰা সলনি হৈ গৈছিল, ঠিক একেদৰে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ জীৱন যাত্ৰা কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত সম্পূৰ্ণৰূপে সলনি হৈ গৈছে। মানুহৰ কৰ্মসংস্কৃতি ব্যাপক ৰূপত ক্ষতিগ্ৰস্ত হৈছে। হয়তো কোৰোনা পৰৱৰ্তী সময়ত কৰ্মসংস্কৃতিলৈ ব্যাপক পৰিৱৰ্তন আহিব পাৰে। কেৱল সেয়েই নহয় মানুহৰ সামগ্ৰিক জীৱন যাত্ৰাও নতুন পৰিৱৰ্তনে প্লাৱিত কৰিব পাৰে। লকডাউনৰ জড়িয়তে সৃষ্টি হোৱা পৰিস্থিতিক প্ৰধানমন্ত্ৰীয়ে সামাজিক জৰুৰী অৱস্থা বুলিয়ো অভিহিত কৰে।

ভিডিঅ’ কনফাৰেন্সৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেশৰ অৰ্থনৈতিক সংকটৰ প্ৰসংগ উত্থাপন কৰে আৰু কোৰোনা পৰৱৰ্তী সময়ত এই সংকটৰ পৰা দেশবাসীয়ে উদ্ধাৰ পোৱাৰ কথা কয়। আজি ভিডিঅ’ কনফাৰেন্সত উপস্থিত আছিল তৃণমূল কংগ্ৰেছৰ সাংসদ সুদ্বীপ বন্দোপধ্যায়, কংগ্ৰেছ নেতা গোলাম নবি আজাদ, শিৱসেনাৰ সঞ্জয় ৰাওট, সমাজবাদী পাৰ্টীৰ ৰামগোপাল যাৰদ, নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী শীৰ্ষ নেতা শাৰদ পাৱাৰ তথা বহুজন সমাজ পাৰ্টী আৰু লোকশক্তিৰ সাংসদ অন্যতম।

Leave a Reply

Your email address will not be published. Required fields are marked *