শেহতীয়া খবৰ

লক ডাউনৰ সময়তো জিলা প্ৰশাসনৰ অভিলেখ দৰঙত চাৰি মাহত ৰাজহ সংগ্ৰহ ৮৯,৯৩,৬৬৩ টকা

দৈনিক গণঅধিকাৰ, মঙলদৈঃ সমগ্ৰ দেশত লক ডাউন চলি থকাৰ অৱস্থাতো বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহৰে একপ্ৰকাৰ অভিলেখ ৰচনা কৰিবলৈ সক্ষম হৈছে দৰং জিলা প্ৰশাসনে । ফ্ৰেবুৱাৰী মাহৰ পৰা মে’ মাহৰ ১৫ তাৰিখলৈ ভূমি ৰাজহ, ইটা ভাটা, মীন আৰু ভূমিৰ পুনৰ শ্ৰেণীকৰণৰ পৰা দৰং জিলা প্ৰশাসনে সংগ্ৰহ কৰিছে মুঠ ৮৯,৯৩,৬৬৩ টকা ।

ইয়াৰে ভূমি ৰাজহৰ পৰা ৬৪,৬৪,৩৬৩ টকা, ইটাভাটাৰ পৰা ৭,৮০,০০০ টকা, মীনৰ পৰা ৯,৪৯,৯৪০ টকা আৰু ভূমি পুনৰ শ্ৰেণীকৰণৰ পৰা ৭,৯৯,৩৬০ টকা সংগ্ৰহ কৰা হৈছে । জিলাৰ অতিৰিক্ত উপায়ুক্ত কল্পনা ডেকাই এই প্ৰসংগত মন্তব্য প্ৰকাশ কৰি কয় যে সমগ্র দেশত লক ডাউন চলি থাকোতে দৰং জিলাই প্ৰায় ৯০ লাখ ৰাজহ সংগ্ৰহ কৰিব পৰাটো সঁচাকৈ উৎসাহজনক বিষয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *