Wednesday , September 23 2020
শেহতীয়া খবৰ

লখিমপুৰত আমছুৰ তীব্ৰ ক্ষোভ, সমষ্টি পুনঃ নিৰ্ধাৰণৰ জৰিয়তে ২১ ৰ ৰাজনৈতিক অংক কৰিছে বিজেপিয়ে

দৈনিক গণঅধিকাৰ, লখিমপুৰঃ সমষ্টি পুনৰ নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আমছুৰ। সমষ্টিৰ পুনৰ নিৰ্দ্ধাৰণৰ বিৰোধিতা কৰি লখিমপুৰত আমছুৰ সংবাদমেল। সংবাদমেলত আমছুৰ উপদেষ্টা আজিজুৰ ৰহমানৰ অভিযোগ- ৰাজনৈতিক স্বাৰ্থত বিজেপিয়ে সমষ্টি পুনঃনিৰ্ধাৰণ কৰিব বিচাৰিছে। বিজেপিয়ে দখল কৰিব নোৱাৰা কেতবোৰ সমষ্টিক এই প্ৰক্ৰিয়াৰ জৰিয়তে ২১ বিধানসভা নিৰ্বাচনত নিজৰ দখললৈ নিব বিজেপিয়ে।
সমগ্ৰ বিশ্বত কৰ’নাই মহামাৰী ৰূপ ধাৰণ কৰাৰ সময়ত ভাৰত চৰকাৰে সমস্যা জৰ্জৰ ৰাজ্যৰ সমষ্টিৰ সীমা নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা দিয়াটোক কঠোৰ সমালোচনা আজিজুৰ ৰহমানৰ। ৰহমানৰ অভিযোগ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে যোৱা ২৫ মাৰ্চত এক আদেশৰ জৰিয়তে যোৱা ১ এপ্ৰিলৰ পৰা আৰম্ভ হবলগীয়া প্ৰথম পৰ্যায়ৰ লোক পিয়ল আৰু এন পি আৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া স্থগিত কৰিছে যদিও এনে জটিল সময়ত চৰকাৰে সমষ্টি পুনঃনিৰ্ধাৰণ কৰিব বিচৰাটোত কি ৰহস্য লুকাই আছে সেয়া সহজেই অনুমেয়। একেদৰে অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কামো সম্পূৰ্ণ হোৱা নাই। নাগৰিকপঞ্জীত বাদ পৰা ১৯ লাখ লোকৰ ভৱিষ্যতো অনিশ্চয়তাত।
সমান্তৰালভাৱে কা’ ক লৈয়ো গোচৰ বিচৰাধীন হৈ আছে উচ্চতম ন্যায়ালয়ত। অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা হব নে সৰ্বভাৰতীয় ভিত্তিবৰ্ষ অসমত প্ৰযোজ্য হব সেয়াও উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত বিচৰাধীন হৈ আছে। এনে সময়ত সম্পূৰ্ণ ৰাজনৈতিক লাভালাভৰ বাবে বিজেপি চৰকাৰৰ সমষ্টি পুনঃনিৰ্ধাৰণ কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সংখ্যালঘু ছাত্ৰ সংগঠনটো।
চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰোধীতা কৰিবলৈ সৰ্বস্তৰৰ লোকলৈ আহ্বান আমছুৰ। সংবাদমেলত আমছুৰ উপসভাপতি ৰমজান আলী, সহকাৰী সাধাৰণ সম্পাদক আনাৰুল ইছলাম, মেৰাজ আহমেদ (ৰিজু), ৰাজু ৰহমানৰ লগতে লখিমপুৰ জিলা সমিতিৰ বিষয়-ববীয়াও উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *