
গণ বাৰ্তা বিশেষ, লখিমপুৰ, ৪ মে ::– সম্প্ৰতি দেশ তথা ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পোৱা মহামাৰী ক’ৰোণা ভাইৰাছৰ ভয়ংকৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে জাগৃত নাৰী শক্তি সমিতিৰ অবিভক্ত লখিমপুৰ ধেমাজি জিলা সমিতিয়ে আজি লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানা আৰু সাপ্তাহিক মংগলবৰীয়া বজাৰত মাক্স বিতৰণ কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয়।জাগৃত নাৰী শক্তি সমিতিৰ অবিভক্ত লখিমপুৰ, ধেমাজি জিলা সমিতিৰ সম্পাদিকা মানসী ৰাজখোৱাৰ নেতৃত্বত কেইবাগৰাকীও সদস্যাই পুৱা বজাৰ পৰা আৰম্ভ কৰা এই কাৰ্যসূচীত প্ৰথমে বগীনদী আৰক্ষী থানাৰ আৰক্ষী বিষয়া কৰ্মচাৰী সকলৰ মাজত মাক্স বিতৰণ কৰি বগীনদী সাপ্তাহিক বজাৰত মুখত মাক্স নিপিন্ধাকৈ বজাৰ সমাৰ কৰা ক্ৰেতা বিক্ৰেতা সকলক চেনিটাইজেশ্বন কৰি মাক্স বিতৰণ কৰাৰ লগতে ৰাইজৰ মাজত ভাইৰাছ বিধৰ ভয়াবহতাক লৈ সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।