Friday , September 25 2020
শেহতীয়া খবৰ

লেখাপানীত আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ তৎপৰতাত বনাঞ্চল সুৰক্ষা অভিযান অব্যাহত

গণ বার্তা, লেখাপানী, ৯ ছেপ্টেম্বৰ : অসমৰ প্ৰত্যেক খন সংৰক্ষিত বনাঞ্চল ধ্বংসৰ দিশে ৰূপ লোৱাৰ কথা নতুন কথা নহয় । বিশেষকৈ তিনিচুকীয়া জিলাৰ ডিগবৈ বন সংমণ্ডলৰ আৰু ডুমডুমা সংমণ্ডলৰ অন্তৰ্গত প্ৰায় বোৰ সংৰক্ষিত বনাঞ্চল একাংশ অসাধু বন দস্যুয়ে এফালৰ পৰা বন ধ্বংস যজ্ঞ চলাই অঞ্চলটোৰ পাৰিপাৰ্শ্বিকতা অন্য ৰূপ লোৱা পৰিলক্ষিত হৈছে । ঠিক তেনেস্থলত ডিগবৈ বন সংমণ্ডলৰ অধীনত থকা লেখাপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চল অন্যতম হিচাপে পৰিগণিত হৈছিল । আজি কেইবামাহ পূৰ্বে লেখাপানী আঞ্চলিক বন বিভাগৰ বিষয়া হিচাপে ধ্ৰুৱ দত্তই দায়িত্ব পোৱাৰ লগে লগে লেখাপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত সংৰক্ষিত বনাঞ্চলত বন ধ্বংস যজ্ঞ ৰোধ কৰি বনাঞ্চলখন সুৰক্ষা কৰিবৰ বাবে অবিৰত ভাবে অভিযান অব্যাহত ৰাখিছে আঞ্চলিক বন বিষয়াজনে । উল্লেখ্য যে অঞ্চলিক বন বিষয়া জনে লেখাপানী আঞ্চলিক বন বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ লগে লগে বন ধ্বংস যজ্ঞত লিপ্ত থকা বন দস্যু সকলৰ চকুৰ কোটা হৈ পৰিছে আঞ্চলিক বিষয়াজন । জানিব পৰা মতে লেখাপানী আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্ত যোগদান কৰাৰ লগে লগে সংৰক্ষিত বনাঞ্চল সমূহ সুৰক্ষিত হোৱাই নহয় বৰঞ্চ অসম চৰকাৰৰ প্ৰায় ৪০ লক্ষাধিক টকা ৰেভিনিউ সংগ্ৰহ হোৱাত সচেতন মহলৰ মাজত বিশেষ চৰ্চাৰ বিষয় হৈ পৰিছে । বিগত বছৰ সমূহত লেখাপানী আঞ্চলিক বন বিভাগে কিমান টকাৰ ৰেভিনিউ সংগ্ৰহ কৰে সেইটো কেতিয়াও জনা নগৈছিল । এই সংক্ৰান্তত লেখাপানী আঞ্চলিক বন বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ বন বিষয়ৰ ধ্ৰুৱ দত্তৰ অধীনত সংগ্ৰহ হোৱা ৰেভিনিউ কথা বিশেষ সূত্ৰে জানিবলৈ পৰা গৈছে । ইতিমধ্যে বিগত কেইদিন পূৰ্বে লেখাপানী আঞ্চলিক বন বিভাগৰ অন্তৰ্গত টিৰাপ সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায় ২০৪ টা মূল্যবান চোৰাং হোলোং কুণ্ডা, বৃহৎ পৰিমাণৰ অবৈধ কয়লা আৰু চোৰাং ব্যৱসায়ী সকলে সৰবৰাহ কৰা গাড়ী অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় লগতে এই কেইদিনৰ ভিতৰত ধ্ৰুৱ দত্তৰ নেতৃত্বত যোৱা আঞ্চলিক বন বিভাগৰ এটি বৃহৎ দলে অভিযান চলাই অৰুণাচল প্ৰদেশৰ এটা গৰাকী বিহীন ঘৰচীয়া হাতীও জব্দ কৰিবলৈ সক্ষম হয় । এনে এজন সুদক্ষ বন বিভাগৰ বিষয়া হিচাপে কম সময়তে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত উদ্যমতাৰে অভিযান চলোৱাত বন ধ্বংস যজ্ঞৰ লগত জড়িত থকা অসাধু বন দস্যু সকলক জুলুকা জোলোকে পানী খোৱাবলৈ সক্ষম হৈছে বন বিষয়া জনে । লেখাপানী আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তই প্ৰকৃত বন ৰক্ষক হিচাপে আলোড়ন সৃষ্টি কৰাত সচেতন মহলে প্ৰশংসা কৰাও পৰিলক্ষিত হৈছে । ( লেখাপানীৰ পৰা শৰৎ গগৈ )

Leave a Reply

Your email address will not be published. Required fields are marked *