Sunday , September 20 2020
শেহতীয়া খবৰ

লেখাপানীৰ উদয়পুৰ ৰাম মন্দিৰত পঞ্জিকা (পাত্ৰ) উন্মোচন , পণ্ডিত ভৱানী শাস্ত্ৰীৰ একক প্ৰচেষ্টাত “আধ্যাত্ম ব্ৰতস্বব নিৰ্ণয়” সম্পাদন ।

গণ বার্তা, লেখাপানী  :  তিনিচুকীয়া জিলাৰ লেখাপানী পঞ্চায়তৰ অন্তৰ্গত উদয়পুৰ স্থিত ৰাম দৰবাৰ মন্দিৰত পঞ্জিকা পাত্ৰ উন্মোচন হোৱাত ধৰ্মপ্ৰাণ ৰাইজৰ মাজত যথেষ্ট সমাদৰ লাভ কৰিছে । অসমৰ এজন অন্যতম মহাপণ্ডিত তথা গল্ড মেডেলিষ্ট, জ্যোতিষ সম্ৰাট নামে খ্যাত পণ্ডিত ভৱানী প্ৰসাদ শাস্ত্ৰীৰ একক প্ৰচেষ্টাত সম্পাদনা কৰা হয় পঞ্জিকা পাত্ৰ খনি । “আধ্যাত্মক ব্ৰতস্বব নিৰ্ণয়” নামে পঞ্জিকা পাত্ৰ খনি বহুমূল্য পাত্ৰ ধাৰ্মিক সংস্কাৰ, দান, ব্ৰত, আৰু বিধি বিধানৰ বিশেষ প্ৰণালীবদ্ধ ভাৱে সৰ্বসাধাৰণ ধৰ্মপ্ৰাণ ভক্তই সহজে আয়ত্ব কৰিব পৰাকৈ স্পষ্ট ভাবে লিপিবদ্ধ কৰি প্ৰকাশিত কৰে । উক্ত অনুষ্ঠানত অঞ্চলটোৰ উপৰিও দেশজুৰি জনপ্ৰিয়তা অর্জন কৰা অন্যতম পণ্ডিত সীতাৰাম গৌতম শাস্ত্ৰীয়ে উন্মোচনী সভাখনত সভাপতিত্ব কৰাৰ লগতে পঞ্জিকা পাত্ৰ খনি উন্মোচন কৰে লেখাপানী অঞ্চলৰ জেষ্ট নাগৰিক তথা সমাজ সেৱক খিলানাথ উপাধ্যায় দেবে । উন্মোচনী সভাখনত উপস্থিত থাকে বুদ্ধিজীৱী, শিক্ষাবিদ আৰু পুৰোহিত ক্ৰমে নিৰনাথ উপাধ্যায়, মনোৰথ শৰ্মা, অঞ্জলি ৰাজকুমাৰী, ঋষি শৰ্মা,  টীকা ভট্ৰাৰাই, থানেশ্বৰ শৰ্মা, বোধ প্ৰকাশ উপাধ্যায়, মুক্তি নাথ ছেত্ৰী, এমনাথ উপাধ্যায়, থানুৰাম শৰ্মা, মোহন শৰ্মা, গিৰিন বুঢ়াগোহাঁই, নগেন কলিতা, নৱ দত্ত আদি কৰি বিশিষ্ট মহিলা সমাজ উপস্থিত থাকি সামাজিক দূৰত্ব বৰ্তাই উন্মোচনী সভাখন গাম্ভীৰ্য পূৰ্ণ কৰি তোলে । উল্লেখযোগ্য বিষয় যে পণ্ডিত  ভৱানী প্ৰসাদ শাস্ত্ৰী অঞ্চলটোত যিকোনো ধাৰ্মিক অনুষ্ঠানত জেষ্ট পুৰোহিত হিচাপে বিগত বহু বছৰৰ পৰা অঞ্চলটোত বিশেষ প্ৰণালীবদ্ধ ভাৱে সমাজত এটা বিশেষ স্থান দখল কৰাৰ উপৰিও বহিঃৰাজ্যটো জ্যোতিষী হিচাপে বহু লোকৰ আধ্যাত্মিকতাৰে দুখ দুৰ্গতি নিৰাময় কৰি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে  । অনুষ্ঠানটোৰ উদ্যোক্তা পণ্ডিত ভৱানী প্ৰসাদ শাস্ত্ৰী আৰু তেখেতৰ পৰিয়ালবৰ্গই উন্মোচনী সভাত উপস্থিত থকা সকলো ধৰ্মপ্ৰাণ ৰাইজক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই । অৱশেষত জ্যোতিষ শাস্ত্ৰত অভিজ্ঞ পণ্ডিত ভৱানী প্ৰসাদ শাস্ত্ৰীক ধৰ্মপ্ৰাণ ৰাইজে কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰিও আগন্তুক দিনত অসমীয়া, নেপালী আৰু হিন্দী ভাষাত পঞ্জিকা পাত্ৰ লিপিবদ্ধ কৰি ধৰ্মপ্ৰাণ ৰাইজক আগবঢ়াই দিবলৈ আহ্বান জনায় ।

Leave a Reply

Your email address will not be published. Required fields are marked *