Sunday , September 20 2020
শেহতীয়া খবৰ

লেঙেৰী মৌজাস্থিত নিগাম সাপ্তাহিক বজাৰৰ জৰাজীৰ্ণ ৰূপঃ সমাধানৰ পদক্ষেপ লবনে ?

গণ বাৰ্তা, ডিব্ৰুগড়, ৪ ছেপ্টেম্বৰঃ  টিংখাঙ সমষ্টিৰ অন্তগৰ্ত ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ লেঙেৰী মৌজাৰ নিগামৰ সাপ্তাহিক শুকুৰবৰীয়া বজাৰ খনে জিলা খনৰ বিভিন্ন প্ৰান্তৰ লগতে লেঙেৰী, মৰাণ, খোৱাঙকে ধৰি জকাই আদি অঞ্চলৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াত উল্লেখ্য যোগ্য অৰিহনা যোগাই আহিছে। নিগামৰ শুকুৰবাৰত বহা সাপ্তাহিক বজাৰ খনত বিশেষকৈ লেঙেৰী, চহৰীকটা, বৃহত্তৰ মেছলৌ ভৰালী, নিগম চৰাই হাবি, তিনঠেঙীয়া, খোৱাং, কলৌলোৱা, নখাট, তেপৰগুৰি আৰু জকাইকে সমীপৱৰ্তী অঞ্চলৰ কৃষক সকলে উৎপাদিত শাক-পাচলি, পোহনীয়া হাঁহ কুকুৰা, মাছ আৰু মৰাণ, টিংখাঙ, খোৱাঙৰ পৰা অহা বিভিন ব্যৱসায়ীয়ে কাপোৰ দোকানীয়ে অত্যাৱশ্যকীয় সামগ্ৰী যেনে দাইল, আলু, চাউল মাহ ইত্যাদি দৰকাৰী বস্তু বিক্ৰী কৰি জীৱনৰ অৰ্থনৈতিক মানদণ্ড তথা আৰ্থিক উপাৰ্জনেৰে বুনিয়াদ গঢ়িবলৈ সক্ষম হৈছে।গ্ৰামাঞ্চলৰ কৃষক শ্ৰমিক তথা বনুৱা আৰু দৰিদ্ৰ কৃষকৰ অৰ্থ উপাৰ্জনৰ স্বাবলম্বীতাৰ পথ সুগম কৰা নিগমৰ সাপ্তাহিক শুকুৰবৰীয়া বজাৰ খনৰ আন্তঃগাঁথনি মূলক সমস্যা, বজাৰ গৃহৰ দুৰবস্থা  আৰু বজাৰ খনলৈ ওলোৱা সোমোৱা পথৰ তথৈবছ জৰাজীৰ্ণ দুৰবস্থাই ক্ৰেতা বিক্ৰেতা আৰু ব্যৱসায়ী সকলক দীৰ্ঘ দিন ধৰি অতীষ্ঠ কৰিছে। টিঙখাং সমষ্টিৰ ভিতৰত লেঙেৰী মৌজাৰ অন্যতম নিগাম শুকুৰবৰীয়া বজাৰ খনৰ উন্নয়ন আৰু আন্তঃগাঁথনি মূলক সমস্যাই জৰ্জৰীত কৰি অহা স্বত্বেও কিয় বজাৰ খনৰ উন্নয়নৰ পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। স্থানীয় ৰাইজে টিঙখাঙৰ বিধায়ক তথা খোৱাং উন্নয়ন খণ্ডক এই ক্ষেত্ৰত পদক্ষেপ লোৱাৰ কথা গুৰুত্ব আৰোপ কৰিছে।আনকি বহুত শিক্ষিত নিৱনুৱা, বহু কৃষকৰ অৰ্থনৈতিক বুনিয়াদ গঢ়াৰ অন্যতম স্থলী নিগাম সাপ্তাহিক বজাৰ খনে আশাৰ সপোন বাস্তৱায়িত কৰিছে।এনে এখন আৰ্থিক উপাৰ্জন পথ প্ৰতিফলন ঘটাই জীৱন আৰু জীৱিকা নিৰ্ৱাহৰ পথ সুগম কৰা নিগামৰ সাপ্তাহিক শুকুৰবৰীয়া বজাৰ খনৰ উন্নয়নত ডিব্ৰুগড় জিলাৰ উপায়ুক্তই পদক্ষেপ লবনে?বৃহত্তৰ লেঙেৰী মৌজাৰ গ্ৰামাঞ্চলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ দিশত অৰিহনা যোগোৱা নিগামৰ সাপ্তাহিক বজাৰৰ আন্তঃগাঁথনিৰ উন্নয়নৰ সন্দৰ্ভত চৰকাৰী আঁচনিয়ে ঢুকি পাবনে সেই প্ৰশ্নও ৰাইজে দুখেৰে অবতাৰনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *