Wednesday , September 23 2020
শেহতীয়া খবৰ

লেজাইত পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ , বোকাৰে ভৰিছে পথ, জনপ্ৰতিনিধিৰ গুৰুত্ব নাই

গণ বাৰ্তা, ডিব্ৰুগড়, ২০ আগষ্টঃ লেজাই দলংঘাটৰ পৰা চেচাঁনগাঁও গৰুধৰীয়া পথত ভূঁই ৰুই ৰাইজৰ প্ৰতিবাদ। ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অধীনৰ ডিব্ৰুগড় পশ্চিম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ লৰুৱা মৌজাৰ লেজাইৰ দলংঘাটৰ পৰা চেচাঁ-নগাঁও হৈ গৰুধৰীয়া আৰু বগীবিললৈ সংযোগী পথটো প্ৰায় ৭কিঃমি পথৰ দুৰৱস্থাই ৰাইজক জ্বলা-কলা খোৱাইছে। দীৰ্ঘদিন ধৰি অতিশয় বোকাপানীৰে উপচি অধিক বোকাময় ৰোৱনী পথাৰ সদৃশ লেজাই দলংঘাট চেচাঁ নগাঁও গৰুধৰীয়া বগীবিল পথটো নিৰ্মাণৰ বাবে ৰাইজে বাৰম্বাৰ অসম চৰকাৰক অৱগত কৰি আহিছে। ১৯৮৯ চনৰ পৰাই এই লেজাই দলংঘাট চেচাঁনগাঁও গৰুধৰীয়া বগীবিল পথটো মজবুত কৰি নিৰ্মাণৰ সন্দৰ্ভত স্থানীয় লেজাই দলংঘাট চেচাঁ -নগাঁও, কঠালবাম গৰুধৰীয়া মধুপুৰ আৰু বগীবিলবাসী মৰাণ সমষ্টিৰ বিধায়ক গৰাকীক স্মাৰক পত্ৰযোগে অৱগত কৰি আহিছে। ২০০ঘৰ লোক অহাযোৱ কৰা উপৰিও গৰুধৰীয়া মধুপুৰ সংযোগী লেজাই দলংঘাট চেচাঁ-নগাঁও পথটোৱে বগীবিলকো সংযোগ কৰিছে। ৰাজহুৱা কৱৰস্থান, স্বাস্থ্যকেন্দ্ৰ আৰু শিক্ষানুষ্ঠানৰ সংযোগী লেজাই দলংঘাট চেচা-নগাঁও গৰুধৰীয়া বগীবিল সংযোগী গ্ৰাম্য পথটো বৰ্তমান একাঠু বোকাৰ ভৰি ৰোৱনী খেতি পথাৰলৈ পৰিণত হোৱাত যাতায়াতৰ ক্ষেত্ৰত স্থানীয় লেজাইৰ চেচাঁ-নগাঁও, কঠালবাম, গৰুধৰীয়াবাসীয়ে যমৰ যান্ত্ৰনা ভূগিছে। ইতিমধ্যে কেবাবাৰো স্থানীয় লেজাইবাসীয়ে পথটোৰ একাঠু বোকাত নামি ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু চৰকাৰীভাৱে কোনো গুৰুত্ব প্ৰদান নকৰাত খৰ্গহস্ত হৈ আজি স্থানীয় লেজাই চেচাঁ-নগাঁও, কঠালবাম, গৰুধৰীয়া, বগীবিল আৰু লেজাইৰ দলংঘাটৰ ৰাইজে লেজাইদলংঘাট চেচাঁ-নগাঁও গৰুধৰীয়া হৈ বগীবিললৈ সংযোগী পথৰ মেৰামতিৰ দাবীত একাঠু বোকাত নামি ভূঁইৰুই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰি পথটো শীঘ্ৰে বহলীকৰণ কৰি ওখ আৰু মজবুট কৰি নিৰ্মাণৰ আচঁনি গ্ৰহণৰ দাবী জনায়। প্ৰতিবাদী ৰাইজে চেচাঁনদীৰ উত্তৰ পাৰৰ ৰিংবান্ধ নিৰ্মাণ চেচাঁ-নগাঁও কঠাল বাম, গৰুধৰীয়া আদি গ্ৰামাঞ্চলৰ বানপানী সমস্যাৰ সমাধান কৰা, বন্যহস্তীয়ে যাতে ভৱিয্যতে খেতি পথাৰত উপদ্ৰৱ কৰিৱ নোৱাৰে তাৰ প্ৰতি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰাৰ দাবী জনায়।স্থানীয় ৰাইজে বিগত কংগ্ৰেছ (ই) চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনকাল, অগপৰ দুটা কাৰ্যকাল আৰু বৰ্তমান বিজেপি চৰকাৰৰ চাৰি বছৰীয়া কাৰ্যকালতো লেজাই দলংঘাট চেচাঁ-নগাঁও গৰুধৰীয়া হৈ বগীবিল সংযোগী পথটো নিৰ্মাণ নকৰাকলৈ ক্ষোভ প্ৰকাশ কৰে। আনকি বিগত কং(ই) চৰকাৰৰ ১৫বছৰীয়া কাৰ্যকালত একেবাৰে চৰকাৰী ভাৱে গুৰুত্ব নিদিয়াৰ কথা অভিযোগ কৰিছে।বৰ্তমান মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে লেজাই দলংঘাট চেচাঁ-নগাঁও গৰুধৰীয়া বগীবিল সংযোগী গ্ৰাম্য পথত উন্নয়নৰ কথা একেবাৰে গুৰুত্ব নিদিয়ে বুলি অভিযোগ উত্থাপন কৰি ২০২১ৰ নিৰ্বাচনত উচিত প্ৰত্তোতৰ পাব বুলি কটাক্ষ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *