শেহতীয়া খবৰ

শনিবাৰৰ পৰা ৱাৰ্লেচ, নুনমাটি, চানমাৰি, ৰূপনগৰত উলব্ধ হ’ব মাছ

সুলভ মূল্যত মাছ যোগান ধৰিব ফিছফেডে


দৈনিক গণঅধিকাৰঃ দেশজুৰি লকডাউনৰ সময়ছোৱাত ৰাইজে নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীক লৈ সংকিত হোৱা পৰিলক্ষিত হৈছে। ইপিনে অসমতো এই লকডাউনৰ সময়ছোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে আৰ্থিক মুনাফা লাভৰ স্বাৰ্থত নিত্য ব্যৱহাৰযোগ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। বিশেষকৈ শাক-পাচলিৰ বজাৰত বৰ্দ্ধিত দৰে সাধাৰণ লোকক সৰ্বস্বান্ত কৰা পৰিলক্ষিত হৈছে। অৱশ্যে মহানগৰীৰ লোকসকলক এইক্ষেত্ৰত সকাহ দিয়াৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগত আৰু যোগান বিভাগৰ সহযোগত ৮২ টা স্থানত সুলভ মূল্যত পাচলি যোগান ধৰি থকা হৈছে।

লক্ষ্যণীয় যে মহানগৰীৰ বিভিন্ন স্থানত, বিভিন্ন উপপথত অটভান, টাটা ডিআই, ঠেলালৈ শাক-পাচলি বিক্ৰী কৰা পৰিলক্ষিত হৈছে। বৰ্দ্ধিত দৰত শাক-পাচলি বিক্ৰী কৰি একাংশ অসাধু ব্যৱসায়ীয়ে মুনাফা লভি আছে যদিও ইয়াক নাকি লগাবলৈ আজিকোপতি কোনো অভিযান চলোৱা পৰিলক্ষিত হোৱা নাই। ইপিনে লকডাউন আৰম্ভ হোৱাৰ পৰাই অসমবাসীয়ে মাছৰ মুখ দেখা পোৱা নাই। এনে অৱস্থাত ৰাইজক মাছ যোগান ধৰাৰ বাবে আগবাঢ়ি আহিছে ফিছফেড।

এই সন্দৰ্ভত ফিছফেডৰ পৰিচালন সঞ্চালক ৰতন দাসে জানিবলৈ দিয়া অনুসৰি আজিৰে পৰা ৰূপনগৰৰ কাউন্টাৰত মাছ যোগান ধৰা হৈছে যদিও কাইলৈৰ পৰা মহানগৰীৰ চাৰিটাকৈ স্থানত মাছ যোগান ধৰা হ’ব। কাইলৈ দিছপুৰৰ ৱাৰলেচ, নুনমাটি, চানমাৰি আৰু ৰূপনগৰত কাউন্টাৰ স্থাপন কৰি মাছ যোগান ধৰা হ’ব। আনহাতে প্ৰশাসনে এই কাউণ্টাৰৰ সংখ্যা আগন্তুক সময়ত বৃদ্ধি কৰিব বুলি জানিবলৈ দিছে ফিছফেডৰ পৰিচালন সঞ্চালক ৰতন দাসে। এনে কাউন্টাৰত চৰকাৰে নিধন কৰা দৰত মহানগৰবাসীয়ে মাছ ক্ৰয় কৰিব পাৰিব।

সেই হিচাবত ভাঙোন, মিৰিকা (২০০ গ্ৰামতকৈ কম ওজন)ৰ প্ৰতিকিলোত ২৫০ টকা, ৰৌ, ভকুৱা, মৰিকিা (এক কিলোগ্ৰামতকৈ কম)ৰ প্ৰতিকিলোত ৩০০ টকা, ৰৌ, ভকুৱা, মৰিকিা (একৰ পৰা দুই কিলোগ্ৰাম)ৰ প্ৰতিকিলোত ৩৫০ টকা, ৰৌ, ভকুৱা, মৰিকিা (দুই কিলোগ্ৰামতকৈ বেছি)ৰ প্ৰতিকিলোত ৪০০ টকা, গ্ৰাছকাৰ্প (এক কিলোগ্ৰামতকৈ কম) প্ৰতিকিলোত ২৫০ টকা, চিলভাৰকাৰ্প (এক কিলোগ্ৰামতকৈ কম) প্ৰতিকিলোত ২৫০ টকা, কমনকাৰ্প (এক কিলোগ্ৰামতকৈ কম) প্ৰতিকিলোত ২৫০ টকা, গ্ৰাছকাৰ্প (এক কিলোগ্ৰামতকৈ বেছি) প্ৰতিকিলোত ৩০০ টকা, চিলভাৰকাৰ্প (এক কিলোগ্ৰামতকৈ বেছি) প্ৰতিকিলোত ৩০০ টকা, কমনকাৰ্প (এক কিলোগ্ৰামতকৈ বেছি) প্ৰতিকিলোত ৩০০ টকা, শল, শাল, কাৱৈত প্ৰতিকিলোত ৪৫০ টকাকৈ বিক্ৰী কৰা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *