Sunday , September 20 2020
শেহতীয়া খবৰ

শান্তি চুক্তি উলংঘা কৰি লাডাখত চীনৰ সৈন্য সঞ্চালন অব্যাহত ঃ গালৱানত সংঘৰ্ষৰ দিশে দুয়ো ৰাষ্ট্ৰ

ভাৰতক সহায় কৰিবলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সামৰিক কুচকাৱাজ

লাডাখ : ৰাছিয়াৰ মধ্যস্থতাত মস্কোত ভাৰত -চীনৰ মাজত কূটনৈতিক আলোচনা অনুষ্ঠিত হৈছিল যদিও শেহতীয়াকৈ পুনৰ গালৱানত যুদ্ধসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে। অলপতে সীমান্তত শান্তি প্ৰতিষ্ঠাৰ বাবে দুয়োখন ৰাষ্ট্ৰত লেফটেনেণ্ট কমাণ্ডেণ্ট পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে সীমান্তত দুয়োখন ৰাষ্ট্ৰই সৈন্য প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। লাইন অৱ এক্সুৱেল কKট্ৰ’লৰ সমীপত সেনাৰ সঞ্চালন হ্ৰাস কৰা হ’ব বুলি বৈঠকৰ শেষত সহমতত উপনীত হৈছিল। কিন্তু শেহতীয়াকৈ ভাৰতে অভিযোগ কৰা অনুসৰি চীনে সকলো শান্তি চুক্তি উলংঘা কৰি লাইন অৱ এক্সুৱেল কণ্ট্ৰ’লৰ সমীপত বিশাল সৈন্যবাহিনী মজুত কৰা আৰম্ভ কৰি দিছে। ইতিমধ্যে চীন অধ্যুষিত লাডাখৰ ভূখণ্ডত চীনে যুঁজাৰু বিমানো মজুত কৰিছে। উপগ্ৰহীয় চিত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ভাৰতে এই অভিযোগ কৰাৰ পিছতে পুনৰ এবাৰ পোহৰলৈ আহিছে ৰঙা চীনৰ মিথ্যাচাৰ। চীনে সীমান্তত অধিক সেনা বাহিনী মোতায়েন কৰি নিজৰ স্থিতি শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰাৰ পিছতে ভাৰতেও নিজৰ স্থিতি সদম্ভে ঘোষণা কৰিছে। আজিও ভাৰতৰ মিগ-৫২ বিমানে সীমান্তত টহল দিয়ে। আনহাতে চীনে ভাৰতীয় বায়ুসেনাৰ আক্ৰমণ প্ৰতিহত কৰাৰ বাবে সীমান্তৰ সমীপত এয়াৰ ডিফেন্স ছিষ্টেম সষ্টম কৰি ৰাখিবলৈ কুচকাৱাজ কৰা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে ৰাছিয়াৰ পৰা চীনে ছটাকৈ এয়াৰ ডিফেন্স ছিষ্টেম ক্ৰয় কৰিছিল। এই ছিষ্টেমে চীনৰ ভূখণ্ডলৈ যোৱা যিকোনো মিছাইল বা বিমানক আঘাত হানি আকাশতে নাইকিয়া কৰিব পাৰে। ভাৰতৰ বাবে অত্যধিক চিন্তাৰ কাৰণ হৈ পৰা এই এয়াৰ ডিফেন্স ছিষ্টেমৰ বাবেই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শেহতীয়াকৈ ৰাছিয়া ভ্ৰমণ কৰিছিল। ৰাছিয়াত নিৰ্মিত এই এয়াৰ ডিফেন্স ছিষ্টেমৰ পৰিসৰ হ’ল চাৰিশ কিলোমিটাৰ। ভাৰতেও ৰাছিয়াৰ পৰা এই অত্যাধুনিক অস্ত্ৰ ক্ৰয়ৰ চুক্তি স্বাক্ষৰ কৰিছে যদিও শেহতীয়া কোৰোনা পৰিস্থিতিৰ বাবে ৰাছিয়াই ভাৰতক দিবলগীয়া এয়াৰ ডিফেন্স ছিষ্টেম প্ৰদানৰ দিন ২০২১ চনৰ নৱেম্বৰ মাহলৈ পিছুৱাই দিছিল। ইপিনে উপগ্ৰহীয় চিত্ৰত চীনত সৈন্য সঞ্চালন পৰিলক্ষিত হোৱাৰ পিছতে ভাৰতেও সীমান্তত নিজৰ সৈন্যবাহিনী অধিক হাৰত মোতায়েন কৰিছে। তদুপৰি সীমান্তত বফ’ৰ্ছকে আদি কৰি বৃহৎ বৃহৎ মৰ্টাৰ লৈ যোৱা দৃশ্যই সীমান্তত যে যুদ্ধসদৃশ পৰিস্থিতিয়ে বিৰাজ কৰিছে তাকে প্ৰমাণ কৰিছে। উল্লেখ্য যে গালৱানত চীনা সৈন্যৰ এনে আগ্ৰাসী মনোভাবক ভেটা দিবলৈ ভাৰতৰ ২০জনকৈ জোৱানে প্ৰাণ হেৰুৱাবলগীয়াত পৰিছিল। ইপিনে ভাৰতক সহায় কৰিবলৈ একপ্ৰকাৰে সাজু হৈ উঠিছে মাৰ্কিন যুক্তৰাষ্ট্ৰ। ভাৰত আৰু চীনৰ মাজত হোৱা গালৱানৰ ৰক্তাক্ত সংঘৰ্ষৰ বাবে চীনক দোষাৰোপ কৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে নিজকে সাজু কৰি ৰাখিছে আৰু ইউৰোপৰ পৰা মাৰ্কিন সেনাৰ সংখ্যা হ্ৰাস কৰি এছিয়ালৈ পঠোৱাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। মাৰ্কিন যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা মুৰববী মাৰ্ক এছপাৰে ভাৰত-চীনৰ উত্তেজনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সংঘৰ্ষ হ’লে মাৰ্কিন সৈনিক কোনো কাৰণত পিছুৱাই নাহে বুলি উল্লেখ কৰিছে। তদুপৰি দক্ষিণ-চীন সাগৰতো মাৰ্কিন নৌসেনাই সমৰসজ্জা গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *