Home Editor's Pick শাৰী শাৰীকৈ জ্বলিছে চিতা: মৃতদেহ জ্বলাবলৈ ঠাইৰ অভাৱঃ উলুবাৰী শ্মশানত মন্ত্ৰী হিমন্ত

শাৰী শাৰীকৈ জ্বলিছে চিতা: মৃতদেহ জ্বলাবলৈ ঠাইৰ অভাৱঃ উলুবাৰী শ্মশানত মন্ত্ৰী হিমন্ত

28
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৬ মে’ দেহত প্ৰয়োজনীয় অক্সিজেনৰ পৰিমাণ কমি যোৱাত কোনো এগৰাকী ক’ভিড পজিটিভ ৰোগী যেতিয়া কোনো চিকিৎসালয়ৰ বিছনাত অকণমান উশাহ বিচাৰি হাহাকাৰ কৰি ছট্‌ফটাই অকালতে মৃত্যুক আঁকোৱালি ল’বলগীয়া হয়, তেনে হৃদয়-বিদাৰক অসহায় মৃত্যুৰ সাক্ষী হোৱা পৰিয়ালৰ লোকসকলেহে উপলব্ধি কৰিছে কিম্বা চকুৰে আপোনজনৰ ভয়ংকৰ মৃত্যু প্ৰত্যক্ষ কৰা পৰিয়ালৰ লোকেহে বুজে ক’ভিড মহামাৰী কিমান নিৰ্মম আৰু কিমান নিষ্ঠুৰ। ক’ভিড ৰোগীয়ে উশাহ বিচাৰি হাহাকাৰ কৰা মৃত্যুৰ কিৰিলিয়ে যেন এতিয়া অসমৰ আকাশ-বতাহ ছানি ধৰিছে। কি এক ভয়ংকৰ, ভয়াৱহ সংক্ৰমণজনিত পৰিস্থিতিত অসম উপনীত হৈছে সেয়া যেন এতিয়া বৰ্ণনাতীত। অসমৰ আকাশ-বতাহ এতিয়া যেন মাথোঁ ক’ভিড ৰোগীৰ অসহায় মৃত্যুৰ হাতোৰা। প্ৰতিদিনে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্ত ৰোগীৰ মৃত্যুৰ হাৰ, যি মৃত্যুৰ হাৰে এতিয়া অসমৰ প্ৰতিগৰাকী লোকক আতংকিত কৰাৰ লগতে পৰিৱেশ-পৰিস্থিতিৰ জটিলতাই আৰু চিকিৎসালয়সমূহত সৃষ্টি হোৱা অভাৱনীয় পৰিৱেশত সৰগ ভাগি পৰা যেন হৈছে। দিল্লী আৰু মহাৰাষ্ট্ৰত সম্প্ৰতি ক’ভিডত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসাক লৈ যি কল্পনাতীত পৰিৱেশ-পৰিস্থিতিয়ে বিৰাজ কৰিছে, অসমতো এতিয়া অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হৈছে। যি ভয়ংকৰ গতিত মৃত্যুৰ হাৰ বৃদ্ধি পাইছে সেয়াই দিল্লী, মহাৰাষ্ট্ৰৰ দৰে পৰিস্থিতি এটা চিকিৎসালয়ত হৈছে সেয়া নিশ্চিত। প্ৰণিধানযোগ্য যে ৪ মে’ত অসমত ক’ভিডত আক্ৰান্ত হৈ একেদিনাই ৪১ জন লোকৰ মৃত্যু হৈছিল। এটা দিনত ৪১ জন ক’ভিড ৰোগীৰ বিয়োগৰ পিছতেই অসমত প্ৰতিজন ক’ভিড ৰোগী আৰু ৰোগীৰ পৰিয়ালসমূহৰ বুকু অজান আশংকাত কঁপি উঠিছিল। প্ৰতিগৰাকী লোক আৰু পৰিয়ালে অসহায়ভাৱে ভগৱানৰ নাম লৈ প্ৰাৰ্থনা কৰিছিল— এনে মৃত্যুৰ বতৰা যেন আৰু নাহক। কিন্তু অসমত এইবাৰ ক’ভিডে যে মৃত্যুৰ লীলাপাপী ৰং চাবলৈ সাজু হৈছে। চিকিৎসক, নাৰ্ছৰ অশেষ প্ৰচেষ্টাত ৰোগী পৰিয়াল, আত্মীয়ৰ প্ৰাৰ্থনাক দলিয়াই দি কালিৰ দিনটোতেই অসমত ২৪ ঘণ্টাত সৰ্বাধিক ৫৫ জন লোকে প্ৰাণ হেৰুৱায়। এটা দিনতেই ৫৫জনকৈ লোকে ক’ভিডত প্ৰাণ হেৰুওৱা বিষয়টোৱে এতিয়া চাৰিওফালে অসহায় আৰু বুজাব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে। চিকিৎসালয়সমূহত যি পৰিৱেশ এতিয়া সেয়া কোনো শব্দ অথবা বাক্যৰে প্ৰকাশ কৰা সম্ভৱ নহয়। গুৱাহাটী চিকিৎসালয়ত এতিয়া কেৱল মৃতদেহৰ শাৰী। শাৰী শাৰীকৈ শ্মশানত জ্বলিছে চিতা। কালি নিশাৰ ভাগত উলুবাৰী শ্মশানত শাৰী শাৰীকৈ ১৭ জন লোকৰ মৃতদেহ সৎকাৰ কৰা হয়।

একেদৰে ভূতনাথ শ্মশানত ৭ জনৰ মৃতদেহ সৎকাৰ কৰাৰ লগতে আঠগাঁও কবৰস্থানত ক’ভিডত মৃত্যু হোৱা ৫জন লোকক কবৰস্থ কৰা হয়। মুঠতে এতিয়া অসমত ক’ভিডে মৃত্যুৰ কিৰিলি হৈ থিয় দিছে। মৃতদেহ সৎকাৰ কৰিবলৈ শ্মশানত অভাৱ হৈছে ঠাইৰ। কি হৃদয়-বিদাৰক আৰু মৰ্মান্তিক। ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকক শেষ শ্ৰদ্ধা জনাবলৈও সক্ষম হোৱা নাই পৰিয়ালৰ লোক। পিপিই কিট পিন্ধি মৃতদেহ সৎকাৰ কৰা হৈছে। মৃতদেহৰ কাষত যাবলৈ দিয়া হোৱা নাই আত্মীয়ক। লক্ষণীয়ভাৱে আজিও অসমত ক’ভিডত আক্ৰান্ত হৈ ৪৬ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আজিৰ দিনটোত ৪,৯৩৬ লোকৰ দেহত ধৰা পৰিছে ক’ভিডৰ উপস্থিতি। দিনটোত মুঠ ৬১,৩৭৭ জন লোকৰ দেহত ক’ভিড টেষ্ট কৰাত ৮.০৪ শতাংশ পজিটিভেৰে ২৪ ঘণ্টাৰ ৪,৯৩৬ জন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহে। ইয়াৰে ২৪ ঘণ্টাত কামৰূপ মহানগৰীত সৰ্বাধিক ১,৩৫৩ জন লোক কোৰোনাত আক্ৰান্ত হয়। মূলতঃ ক’ভিডে এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ক’ভিডৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কালি নিশাৰ ভাগত উলুবাৰী শ্মশানত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শাৰী শাৰীকৈ জ্বলি থকা চিতা প্ৰত্যক্ষ কৰি মন্ত্ৰীগৰাকী হতভম্ভ হৈ পৰে। সাংবাদিকৰ আগত এই ভয়াৱহতাৰ কথা সদৰী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। সজাগ আৰু সচেতন হোৱা দৰকাৰ। এয়া মৃত্যুৰ হাৰ নহয়, সংখ্যাক গুৰুত্ব দিয়ক। কালিৰ পৰা অসম অকণমান ভয়াৱহতাৰ দিশে গতি কৰিছে। এটা দিনত ৫৫জনকৈ লোক ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা বহু ডাঙৰ কথা। আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি পিপিই কিট পৰিধান কৰি জিএমচিএইচৰ ক’ভিড কেয়াৰ চেণ্টাৰত উপস্থিত হৈ যাৱতীয় পৰিস্থিতিৰ বুজ লয়। কোৰোনাত আক্ৰান্ত হৈ মৃতুৰে যুঁজি থকা ক’ভিড ৱাৰ্ডৰ আইচিইউত প্ৰৱেশ কৰি মন্ত্ৰীগৰাকীয়ে সমস্ত দৃশ্য পৰ্যবেক্ষণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here