Thursday , August 13 2020
শেহতীয়া খবৰ

শিŽক্ষাৰ্থীৰ শৈক্ষিŽক ভৱিষ্যতৰ স্বাৰ্থত পৰীক্ষা আয়োজনৰ সিদ্ধান্ত

পৰীŽক্ষা অবিহনে ডিগ্ৰী কেনেকৈ? উচ্চতম ন্যায়ালয়ত অৱগত কৰিলে ইউ জি চিয়ে

নতুন দিল্লী, ৩০ জুলাই ঃ কোৰোনা মহামাৰীৰ বাবে দীৰ্ঘসময় ধৰি দেশৰ শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকাৰ মাজতো বিশ্ববিদ্যালয় অনুদান আয়োগ, চমুকৈ ইউজিচিয়ে সমগ্ৰ দেশৰ বিশ্ববিদ্যালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰি কৈছে যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত অন্তিম বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। ইউ জি চিৰ এই নিৰ্দেশনাৰ পিছতেই দেশৰ শিক্ষাৰ্থীসকলে ইয়াৰ বিৰোধিতা কৰিছে। যিহেতু দেশৰ শৈক্ষিক অনুষ্ঠান-প্ৰতিষ্ঠানসমূহ বন্ধ হৈ থকাৰ পিছতো কিয় ইউ জি চিয়ে পৰীক্ষাৰ আয়োজন কৰিবলৈ নিৰ্দেশ দিছে, সেই বিষয়ক লৈ শিক্ষাৰ্থীসকলে ইউ জি চিৰ নিৰ্দেশনাৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছে। এই আন্দোলনলৈ সমৰ্থন জনাইছে কংগ্ৰেছেও। ইয়াৰ মাজতে আজি ইউ জি চিয়ে চূড়ান্ত বৰ্ষৰ পৰীক্ষা সম্পৰ্কে উচ্চতম ন্যায়ালয়ত অৱগত কৰিছে শিক্ষাৰ্থীৰ শৈক্ষিক ভৱিষ্যতৰ স্বাৰ্থত পৰীক্ষা আয়োজনৰ সিদ্ধান্ত লোৱা হৈছে। পৰীক্ষাই শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰাৰ লগতে মনত সন্তুষ্টি দিয়ে।

ইউ জি চিয়ে কয়- পৰীক্ষা অবিহনে ডিগ্ৰী কেনেকৈ দিয়া হ’ব· সেইবাবেই দেশৰ বিশ্ববিদালয়সমূহলৈ নিৰ্দেশনা জাৰি কৰি কোৱা হৈছে যে ৩০ ছেপ্টেম্বৰৰ ভিতৰত স্নাতক আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব।  অৰ্থাৎ ৩০ ছেপ্টেম্বৰৰ ভিতৰত বিশ্ববিদ্যালয়সমূহে চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ আয়োজন কৰিবলৈ বাধ্য। ইউ জি চিয়ে কয় যে মহাৰাষ্ট্ৰ আৰু দিল্লীৰ দৰে ৰাজ্যই যদি স্নাতক আৰু স্নাতকোত্তৰৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা আয়োজন নকৰাকৈ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰে, তেন্তে ইউ জি চিৰ নীতি-নিৰ্দেশনাৰ বিপৰীত। উল্লেখ্য যে মহাৰাষ্ট্ৰ আৰু দিল্লীয়ে কোৰোনা মহামাৰীৰ বাবে ইউ জি চিৰ নীতি-নিৰ্দেশনা উলংঘা কৰি চূড়ান্ত বৰ্ষৰ পৰীক্ষা বাতিলৰ ঘোষণা কৰিছে। আজি ইউ জি চিয়ে অৱগত কৰিছে যে যিসকল শিক্ষাৰ্থীয়ে কোৰোনা মহামাৰীৰ বাবে ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাত বহিব নোৱাৰিব, সেইসকল শিক্ষাৰ্থীয়ে সামান্য পৰিৱেশ উভতি অহাৰ পিছত বিশেষ পৰীক্ষাত বহিব পাৰিব। এককথাত ইউ জি চিয়ে যিকোনো প্ৰকাৰে চূড়ান্ত বৰ্ষৰ পৰীক্ষা আয়োজন কৰাৰ সিদ্ধান্ত লৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *