Friday , September 25 2020
শেহতীয়া খবৰ

শিক্ষাবিদ সমাজকৰ্মী পূৰ্ণকান্ত শইকীয়াৰ স্মৃতিত স্মৃতিগ্ৰন্থ উন্মোচন

গণবার্তা, নুমলীগড়,  ২৪ জুলাইঃ  মৰঙি অঞ্চলৰ অন্যতম প্ৰবীণ সমাজ কৰ্মী, শিক্ষাবিদ তথা মৰঙি দিননাথ হাইস্কুলৰ প্ৰাক্তন শিক্ষক,  শ’লমাৰী গাঁৱৰ নিবাসী পূৰ্ণকান্ত শইকীয়া যোৱা ১৩ জুলাইত ৮৬ বছৰ বয়সত বাৰ্ধক্যজনিত ৰোগত মৃত্যু হয়। আজি তেওঁৰ আদ্যশ্ৰাদ্ধ উপলক্ষে “পূৰ্ণকান্ত” নামেৰে এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰে মৰঙি জিলা পৰিসদৰ সদস্যা পূৰবী শৰ্মাই। বিশিষ্ট সমাজ কৰ্মী ইমৰাণ হুছেইনে আঁতধৰা সভাখনত মৰঙি দীননাথ হাইস্কুলৰ শিক্ষক পৰাগ পবন শৰ্মা বড়া তথা বিদ্যালয়ৰ একালৰ ছাত্ৰ একতা সভাৰ সম্পাদক বোধেন বৰুৱাই প্ৰয়াত শইকীয়াদেৱক স্মৃতিচাৰন কৰি সমাজখনৰ প্ৰতি আগবঢ়াই থৈ যোৱা অবদানৰ বিষয়ে বিবৰি কয়‌।পৰিয়ালৰ তৰফৰ পৰা প্ৰয়াত শইকীয়াদেৱৰ ধৰ্মপত্নী গুনদা শইকীয়া আৰু বৰপুত্ৰ শৈলেন শইকীয়াই গুণমুগ্ধসকলৰ লিখনিৰে স্মৃতিগ্ৰন্থ খন প্ৰকাশ   হোৱাত সকলোকে কৃতজ্ঞতা জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *