ফাইজাৰৰ দুটা ডজে কোভিডৰ বিৰুদ্ধে যুঁজত সুৰক্ষা দিয়ে ৯৫ শতাংশ

নতুন দিল্লী, ৭ মে’ : ফাইজাৰ বায়’টেকে শিশুসকলৰ বাবে উদ্ভাৱন কৰি উলিয়ালে ক’ভিড ভেকচিন। ফাইজাৰে উদ্ভাৱন কৰি উলিওৱা এই ক’ভিড ভেকচিন দুইৰ পৰা এঘাৰ বছৰীয়া শিশুৱে গ্ৰহণ কৰিব পাৰিব। যিটো বিশ্ববাসীৰ এক সুখবৰ। যিহেতু বিশ্বত প্ৰথমবাৰলৈ ফাইজাৰ বায়’টেকে শিশুৰ বাবে ক’ভিড ভেকচিন তৈয়াৰ কৰি উলিয়াইছে। এই ভেকচিন ব্যৱহাৰ কৰিবলৈ কানাডা চৰকাৰে অনুমতি প্ৰদান কৰিছে। সেইবাবে কানাডাৰ শিশুসকলেও ক’ভিড ভেকচিন লাভ কৰিব পাৰিব। উল্লেখ্য যে ফাইজাৰ বায়’টেকে উদ্ভাৱন কৰি উলিওৱা ক’ভিড-১৯ ভেকচিন বিশ্বৰ বহু দেশত প্ৰয়োগ হৈ আছে। যি ভেকচিন ফলদায়ক ৰূপে প্ৰমাণিত হৈছে। এক অধ্যয়ন অনুসৰি দুটা ড’জৰ ফাইজাৰ ভেকচিন গ্ৰহণ কৰিলে ৯৫ণ সুৰক্ষা দিব ক’ভিডৰ পৰা। ইজৰাইলে চলোৱা এই অধ্যয়ন প্ৰখ্যাত চিকিৎসা আলোচনী লানচেটত প্ৰকাশ পাইছে।