Sunday , September 20 2020
শেহতীয়া খবৰ

শিশু নিৰ্যাতনকাৰীক গ্ৰেপ্তাৰৰ দাবীত মৰাণত প্ৰতিবাদ অব্যাহত

গণ বাৰ্তা, মৰাণ, ৫ ছেপ্টেম্বৰঃ  ডিব্ৰুগড়ৰ শিশু নিৰ্যাতনকাৰী ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা মিতালী কোঁৱৰক গ্ৰেপ্তাৰৰ দাবীত মৰাণত আজিও প্ৰতিবাদ অব্যাহত আছে । ঘৰত বন কৰিবলৈ আনি এটি ১২ বছৰীয়া শিশুৰ গাত  গৰম পানী ঢালি অমানুষিক অত্যাচাৰ কৰাৰ ঘটনা আজি পাঁচ দিন ওকলি যোৱাৰ পিছতো অপৰাধীক পুলিচ প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত মৰাণত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে পৰিষদৰ কাৰ্যালয়ৰ পৰা মৰাণ মহাবিদ্যালয় পথেদি সমদল কৰি মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ট্ৰেফিক পইণ্ট তিনিআলিত ডাঃ সিদ্ধি প্ৰসাদ দেউৰী আৰু ড° মিতালী কোঁ‌ৱৰৰ পুত্তলিকা দাহ কৰে । প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে শিশু নিৰ্যাতনকাৰী ড° মিতালী কোঁ‌ৱৰক  মৰাণ মহাবিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰায় অৰ্ধশতাধিক কৰ্ম কৰ্তাই এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিৰ্যাতনকাৰী দুয়োগৰাকীকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ দাবী তোলে ।

Leave a Reply

Your email address will not be published. Required fields are marked *