Home স্থানীয় শিৱসাগৰত ক’ভিড-১৯ ব্যৱস্থাপনা সন্দৰ্ভত চাহ বাগিচাৰ কৰ্তৃপক্ষৰে উপায়ুক্তৰ বৈঠক

শিৱসাগৰত ক’ভিড-১৯ ব্যৱস্থাপনা সন্দৰ্ভত চাহ বাগিচাৰ কৰ্তৃপক্ষৰে উপায়ুক্তৰ বৈঠক

90
0

গণ বাৰ্তা শিৱসাগৰ, ৬ মে’ : ক’ভিড-১৯ ৰোগৰ দ্ৰুত সংক্ৰমণ ৰোধৰ লক্ষ্যৰে তথা চাহ বাগিচা এলেকাত গ্ৰহণ কল কৰা ক’ভিড-১৯ ব্যৱস্থাপনাসন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণু কমল বৰাৰ অধ্যক্ষতাত জিলাখনৰ চাহ বাগিচা সমুহৰ কৰ্তৃপক্ষৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত অনুষ্ঠিত এই বৈঠকত উপায়ুক্ত গৰাকীয়ে চাহ বাগিচা সমুহৰ কৰ্তৃপক্ষক ক’ভিড-১৯ ৰোগৰ দ্ৰুত সংক্ৰমণৰ ৰোধৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাৱলী তৎপৰতাৰে গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ চাহ বাগিচা এলেকা সমূহত ক’ভিড-১৯ -ৰ বিষয়ে ব্যাপক হাৰত সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। লগতে তেওঁ চাহ বাগিচাসমূহৰ অধীনস্থ চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰ সমূহৰ ক’ভিড-১৯ ৰোগীৰ বাবে পৰ্যাপ্ত আছুতীয়া কক্ষ, বিচনা, অক্সিজেন, দৰৱ আদিৰ ব্যৱস্থা মজুতকৰণৰ ওপৰত প্ৰাধান্য দিয়ে। নিজ বক্তব্যত তেওঁ চাহ বাগিচা এলেকাত বহুলভাৱে ক’ভিড-১৯ পৰীক্ষণৰ ব্যৱস্থা কৰিবলৈও নিৰ্দেশ প্ৰদান কৰে। “সাৱধানতা আৰু সচেতনতাই ক’ভিড-১৯ বিৰুদ্ধে যুঁজত মূল ঢাল ৰূপে কাম কৰিব” বুলিও তেওঁ মন্তব্য কৰে। বৰ্তমানলৈ জিলাখনত অক্সিজেনৰ নাটনি হোৱা নাই বুলিও তেওঁ জানিবলৈ দিয়ে। তেওঁ ক’ভিড-১৯ -ত আক্ৰান্ত ৰোগীক যাতে কোনোধৰণে হেয় প্ৰতিপন্ন কৰা নহয় তাৰ প্ৰতি সচেতন হ’বলৈ আহ্বান জনায়। কন্টেইনমেণ্ট জ’নৰ আবাসী সকলৰ বাবে প্ৰয়োজনীয় খাদ্যসামগ্ৰী, দৰৱ আদিৰ ব্যৱস্থাৰ প্ৰতিও লক্ষ্য ৰাখিবলৈ তেওঁ বাগিচা কৰ্তৃপক্ষক আহ্বান জনায়। ক’ভিড ৰোগীৰ মনোবল বৃদ্ধিৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈও তেওঁ পৰামৰ্শ দিয়ে। পৰৱৰ্তী এমাহলৈ পৰিস্থিতি প্ৰত্যাহ্বানপূৰ্ণ হোৱা হেতুকে তেওঁ সংশ্লিষ্ট সকলোকে চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনা সমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ্বান জনায়। তেওঁ ক’ভিডৰ বিৰুদ্ধে এই যুঁজত সকলোৰে পূৰ্ণ সহযোগিতা কামনা কৰে। বৈঠকত স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালক ডাঃ স্যমন্ত মাধৱ শৰ্মাই চাহ বাগিচাৰ স্বাস্থ্য কর্মীসকলক বিভাগীয় ভাৱে প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি কয় যে, ইয়াৰ দ্বাৰা তেওঁলোকে বাগিচা এলেকা সমূহত ক’ভিড পৰীক্ষণ প্ৰক্ৰিয়া সুচাৰুভাৱে চলাই যাব পাৰিব। ১৮ ৰ পৰা ৪৪ বয়সৰ লোকসকলৰ ভেকচিন প্ৰদান কৰাৰ ক্ষেত্ৰত চাহ বাগিচা এলেকাৰ লোকসকলৰ পঞ্জীয়নৰ সুবিধাৰ্থে বাগিচা কৰ্তৃপক্ষক কৰ্মচাৰী নিয়োজিত কৰাৰ বাবেও তেওঁ পৰামৰ্শ প্ৰদান কৰে। তেওঁ লগতে প্ৰয়োজনীয় দৰৱ, এম্বুলেঞ্চ আৰু পাল্ছ অক্সিমিটাৰৰ পৰ্যাপ্ত ব্যৱস্থা ৰাখিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে, জিলাখনৰ ২৭ খন চাহ বাগিচাৰ ১৯ খনত চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰ আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here