
গণ বাৰ্তা বিশেষ, শিৱসাগৰ, ২ মে’: উজনি অসমৰ হাই প্ৰফাইল সমষ্টি ১০৮ নং শিৱসাগৰ বিধানসভা সমষ্টিত সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ল ৰাইজৰ দলৰ সভাপতি তথা কাৰাবন্দী কৃষক নেতা অখিল গগৈ। অন্তিম ৰাউণ্ডৰ পাছত শিৱসাগৰ সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী অখিল গগৈয়ে নিকটৱৰ্তী বিজেপি দলৰ প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীক প্ৰায় ১২ হাজাৰৰো অধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়। অন্যহাতে ১০৩ নং আমগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা পুনৰবাৰ নিৰ্বাচিত হ’ল। ভোট গণনাৰ অন্তত ৬,০০১টা ভোটত প্ৰদীপ হাজৰিকাই জয়লাভ কৰিলে । ইয়াৰ লগে লগে যেন সামৰণিৰ দিশে গতি কৰিছে কংগ্ৰেছৰ যুৱ নেত্ৰী অংকিতা দত্তৰ ৰাজনৈতিক জীৱন। শিৱসাগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ১০৭ নং থাওৰা বিধানসভা সমষ্টিত কংগ্ৰেছে সুশান্ত বুঢ়াগোহাঁয়ে বিজেপি দলৰ কুশল দুৱৰী ২,০৪৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি থাওৰা সমষ্টিৰ নতুন বিধায়ক হিচাপে নিৰ্বাচিত হয় । বিজয়ী হোৱাৰ পিছত সুশান্ত বুঢ়াগোহাঁয়ে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰে।