
গণ বাৰ্তা শিৱসাগৰ সদৰ,৯ মে : শিৱসাগৰ পৌৰসভাৰ প্ৰাক্তন পৌৰপতি মণিৰুদ দৌল্লা (৭৩) আজি পুৱা যোৰহাট মেডিকেল কলেজত কোভিড আক্ৰান্ত হৈ মৃত্যু হয় ৷ শিৱসাগৰ চহৰৰ ধাইআলিৰ সম্ভ্ৰান্ত দৌল্লা পৰিয়ালৰ মণিৰুদ দৌল্লা শিৱসাগৰৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল ৷তেওঁ পাঁচবাৰ শিৱসাগৰ পৌৰসভাৰ নিৰ্বাচিত প্ৰতিনিধি আছিল ৷ শিৱসাগৰৰ ৰংপুৰজ্যোতি ক্লাৱৰ তেওঁ প্ৰাক্তন সভাপতি আছিল ৷ তদুপৰি তৰুণ সংঘ ৰিডিং ক্লাবৰো সক্ৰিয় কৰ্মী আছিল ৷ কভিডত আক্ৰান্ত হোৱা বাবে চিকিৎসাধীন হৈ আছিল ৷ এটা সপ্তাহৰ পূৰ্বে তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই শিৱসাগৰত শোকৰ ছাঁ পৰে ৷