Home Editor's Pick সংখ্যালঘুক সমদৃষ্টিৰে আগুৱাই নিব বুলি আশাবাদী

সংখ্যালঘুক সমদৃষ্টিৰে আগুৱাই নিব বুলি আশাবাদী

329
0

✍️ ছাহজাহান তালুকদাৰ

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ২ মে’ত ঘোষণা হোৱাৰ পিছত দ্বিতীয়বাৰলৈ সংখ্যাগৰিষ্ঠতা লাভ কৰে বিজেপি মিত্ৰজোঁটে। বিজেপিৰ মিত্ৰজোঁটে দ্বিতীয়বাৰলৈ ক্ষমতা লাভ কৰাৰ পাছত ৰাজ্যত চৰ্চিত বিষয় হৈ পৰে এইবাৰ কোন হ’ব ৰাজ্যৰ মুখ্যমন্ত্ৰী। সৰ্বানন্দ সোণোৱাল নে ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ মুখ্যমন্ত্ৰী হ’ব, তাক লৈ সপ্তাহজুৰি ৰাজ্যবাসীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আছিল। অৱশেষত শনিবাৰে দিল্লীয়ে সেউজ সংকেত প্ৰদান কৰে ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা। এই সেউজ সংকেতৰ লগে লগেই ৰাজ্যত চলি থকা তুমুল চৰ্চাৰ বিষয়টো অন্ত পৰে। কিন্তু মুখ্যমন্ত্ৰী ঘোষণাৰ আনুষ্ঠানিকতা বাকী আছিল। দেওবাৰে বিজেপিৰ বিধায়িনী দলৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ সৈতে আনুষ্ঠানিক ঘোষণা কৰা হয়। দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আসন এইবাৰ অলংকৃত কৰিব প্ৰভাৱশালী ৰাজনৈতিক নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি সক্ৰিয় ৰাজনৈতিক পথাৰখনত নামি মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰালৈ বহু সংগ্ৰাম কৰিবলগীয়া হৈছিল হিমন্ত বিশ্ব শৰ্মাই। ঘাত-প্ৰতিঘাত নেওচি কাইলৈৰ পৰা মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰি ৩ কোটি ৩০ লক্ষ জনগণক নেতৃত্ব প্ৰদান কৰিব। উল্লেখ্য যে কটন কলেজৰ ছাত্ৰ ৰাজনীতিৰ পৰা পোনপটীয়াকৈ প্ৰায়ত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ সংস্পৰ্শলৈ আহি ৰাজনৈতিক পথাৰত খোজ পেলাইছিল হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছত যোগদান কৰি দলটোৰ নীতি-আদৰ্শ পালন কৰি দীৰ্ঘকাল ৰাজ্যবাসীৰ হৈ কাম কৰিছিল। প্ৰায় ১৫ বছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংস্পৰ্শত থাকি ৰাজ্যবাসীৰ হৈ কাম কৰিছিল আৰু মন্ত্ৰীসভাৰ কে’বাটাও গুৰুদায়িত্ব পালন কৰিছিল। কিন্তু তৰুণ গগৈৰ অন্তিমটো কাৰ্যকালত দলটোৰ ভিতৰচ’ৰাত দেখা দিয়া বিসম্বাদৰ ফলত হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ পৰা আঁতৰি আহে আৰু বিজেপিত যোগদান কৰে। এইগৰাকী ৰাজনৈতিক নেতা হিন্দু-মুছলমান সকলো ধৰ্মাৱলম্বী লোকৰে জনপ্ৰিয়। তেওঁৰ বহু অনুগামী আছে মুছলমান ধৰ্মাৱলম্বী লোক। এগৰাকী সংখ্যালঘু নেতাৰ যিমানসংখ্যক সংখ্যালঘু অনুগামী আছে, এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাৰো কোনোগুণেই কম নাই সংখ্যালঘু অনুগামী। কংগ্ৰেছত থকাৰ সময়ছোৱাত তেওঁ হিন্দু-মুছলমান সকলোকে সমদৃষ্টিৰে চাই উন্ননয়নৰ কাম চলাইছিল। ৰাজ্যৰ চৌদিশে কামৰ এক নজিৰ সৃষ্টি কৰিছিল। কিন্তু দলৰ ভিতৰত দেখা দিয়া বিসম্বাদৰ সময়ছোৱাত দিল্লীয়ে বিষয়টো বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল বুলি বহুতে ক’ব বিচাৰে। যাৰ বাবে তেওঁ কংগ্ৰেছ দলত তিষ্ঠিব নোৱাৰি আঁতৰি আহিছিল আৰু বিজেপিত যোগদান কৰিছিল। বিজেপিত যোগদান কৰি তেওঁ মন্ত্ৰীসভাৰ কে’বাটাও গুৰুদায়িত্ব গ্ৰহণ কৰি পুনৰ ৰাজ্যবাসীৰ উন্নয়নত নামি পৰে। দিন-ৰাতি একাকাৰ কৰি ৰাজ্যবাসীৰ হকে কাম কৰে এইগৰাকী ৰাজনৈতিক নেতাই। কিন্তু কিছু ক্ষেত্ৰত তেওঁৰ বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্যই বহুকে আঘাতো হানে। বিজেপিৰ নীতি-আদৰ্শ গ্ৰহণ কৰি হিমন্তই ৰাজ্যৰ এক তৃতীয়াংশ সংখ্যালঘু লোকক এক নতুন দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছিল আৰু সংখ্যালঘু লোকসকলক অৱজ্ঞাৰ দৃষ্টিৰে চাবলৈ ধৰিছিল। এইক্ষেত্ৰত ৰাজ্যৰ বহু ধৰ্মনিৰপেক্ষ লোকে তেওঁৰ প্ৰতি বিৰূপ মন্তব্য প্ৰদান কৰিছিল।
কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ জনগণক কাইলৈৰ পৰা তেওঁ নেতৃত্ব প্ৰদান কৰিব। পূৰ্বতকৈ তেওঁৰ দায়িত্ব কাইলৈৰ পৰা বৃদ্ধি পাব। সকলো জাতি-জনগোষ্ঠীক সমিলমিল দৃষ্টিৰে তেওঁ চাব লাগিব। তেওঁৰ কামৰ প্ৰতি দৃষ্টি ৰাখিব ৰাজ্যবাসীয়ে। অসমৰ সংখ্যালঘু ৰাইজে মুখ্যমন্ত্ৰী হ’বলৈ হাবিয়াস নকৰে যদিও তেওঁলোকে ৰাজ্যত তেওঁলোকৰ অধিকাৰ, প্ৰাপ্য আৰু স্বাভিমান বিচাৰে। এইক্ষেত্ৰত  সংখ্যালঘু ৰাইজে বিচাৰে যে তেওঁলোকক সমদৃষ্টিৰে চোৱা হওক। শৈক্ষিক, সামাজিক, অৰ্থনৈতিক সকলো দিশত যদি সকলোকে সমদৃষ্টিৰে চাই সম উন্নয়নৰ হকে কাম কৰে তেন্তে এইটো নিশ্চিত যে অসম দেশৰ এখন উন্নত ৰাজ্য হৈ পৰিব আৰু তেওঁ হৈ পৰিব এগৰাকী অন্যতম সফল মুখ্যমন্ত্ৰী। ইতিমধ্যে তেওঁ মন্ত্ৰীৰ দায়িত্বত থকাৰ সময়ছোৱাত প্ৰমাণ কৰি দেখুৱাইছে। ৰাজ্যৰ ৰাজপথকে ধৰি হাস্পতালসমূহ উন্নত কৰি তুলিছে। এতিয়া তেওঁ মুখ্যমন্ত্ৰী ৰূপে সমগ্ৰ দিশসমূহ চাব লাগিব আৰু সকলোকে আঁকোৱালি সম-বিকাশৰ হকে আঁচনি তৈয়াৰ কৰি কাম কৰিব লাগিব। এই ক্ষেত্ৰত ৰাজ্যবাসীয়ে তেওঁৰ কামৰ প্ৰতি দৃষ্টি ৰাখিব।

[ ১০/০৫/২০২১ৰ দৈনিক গণ অধিকাৰ কাকতত প্ৰকাশিত ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here