Thursday , August 13 2020
শেহতীয়া খবৰ

সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত সংঘটিত পাঁচ কোটিটকীয়া কেলেংকাৰীক লৈ সৰৱ কংগ্ৰেছৰ সংখ্যালঘু বিভাগঃচি বি আই তদন্তৰ দাবী

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ জুলাই ঃ সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত পাঁচশ কোটি টকীয়া ভয়াৱহ কেলেংকাৰীক লৈ এইবাৰ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰখনৰ চাৰিটা কাৰ্যকালত সংঘটিত এই ভয়াৱহ কেলেংকাৰীৰ চি বি আই তদন্তৰ দাবী তুলি আজি ৰাজীৱ ভৱন চৌহদত কংগ্ৰেছৰ সংখ্যালঘু বিভাগে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। পাঁচশ কোটি টকীয়া কেলেংকাৰীৰ চি বি আই তদন্তৰ লগতে উক্ত কেলেংকাৰীৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিকে চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে। দুৰ্নীতিমুক্ত অসম গঢ়াৰ শ্ল’গান দিয়া সোণোৱাল কাৰ্যকালত ছাত্ৰবৃত্তিৰ নামত সংঘটিত এই বিয়াগোম কেলেংকাৰীক লৈ আজি ধৰ্মঘট কাৰ্যসূচী কংগ্ৰেছ নেতাসকলে চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে।

এই সমগ্ৰ কেলেংকাৰীৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপ দাবী কৰাৰ লগতে তেওঁলোকৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰমাণ কৰিবলৈ দাবী উত্থাপন কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ছলমান খানৰ নেতৃত্বত অনুষ্ঠিত ধৰ্মঘট কাৰ্যসূচীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মনৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দাইয়ান হুছেইন, সম্পাদক মফিজুল হুছেইন, সাধাৰণ সম্পাদক (সাংগঠনিক) হান্নান আলী আহমেদ, শ্বাহ আজমীৰা আদিল, তৰ্জিমা বেগম, মোবাৰক হুছেইন, ৰাজীৱ আহমেদ, কামৰূপ জিলা কংগ্ৰেছৰ অধ্যক্ষ বাপুকণ আলীকে ধৰি বহুসংখ্যক কংগ্ৰেছ নেতা উপস্থিত থাকে।

উক্ত কেলেংকাৰী সন্দৰ্ভত ছলমান খানে সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ মুমিনুল আৱালৰ পদত্যাগৰ দাবী কৰে। তেওঁ লগতে আৰু কয় যে বৰ্তমান চৰকাৰখনে দুৰ্নীতিত লুতুৰি-পুতুৰি হৈ পৰিছে। সকলো ক্ষেত্ৰতে এতিয়া ভয়াৱহ ছিণ্ডিকেট গঢ়ি তুলিছে। একমাত্ৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ স্বাৰ্থতে ছিণ্ডিকেট, টোলগেটেৰে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰি লুণ্ঠনত নামি পৰিছে। সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামতো এই চাৰিটা কাৰ্যকালত পাঁচশ কোটি টকীয়া কেলেংকাৰী সংঘটিত কৰিলে। ভুৱা ছাত্ৰ-ছাত্ৰীৰ নামত সিংহভাগ ধনেই আত্মসাৎ কৰিলে। এই কেলেংকাৰীৰ সৈতে বহু বিষয়া-কৰ্মচাৰী জড়িত হৈ আছে বুলি অভিযোগ কৰে খানে। চি বি আই তদন্তৰ জৰিয়তে সকলোকে কৰায়ত্ত কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *