শেহতীয়া খবৰ

সংহাৰী বানৰ কবলত কঠীয়াতলীৰ বহুকেইখন গাওঁ

 কামপুৰ, ৩ জুন : নগাওঁ জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অৰ্ন্তগত গাওঁ সমুহত কপিলী আৰু নিশাৰীৰ  জলপৃষ্ঠ উফন্দি কাঠকটিয়া গাওঁ আৰু ভলভলীয়া গাওঁৰ মাথাউৰি ভাঙি সোমাই কামপুৰ, তেতেলিসৰা গ্ৰান্ট, কঠীয়াতলী, ৰাঙলু , শ’লমাৰি, বুকলুং, কঠালগুৰি, মহগড়, ৰাঙলু গড়েহাগি, উৰিয়াগ্ৰাণ্ট , আদি অঞ্চলত বানে  সংহাৰী ৰূপ ধাৰণ কৰে। বানৰ কবলত পৰা অঞ্চল সমুহত কেবা শ বিঘা বৰো ধানৰ খেতি আৰু ৰবি শস্য সমুহ পানীৰ তলত জাহ যোৱাৰ বাবে মুৰে কপালে হাত দিছে। উল্লেখ্য যে ৰাঙলু গড়েহাগি, উৰিয়াগ্ৰাণ্ট , শলমাৰি আদি অঞ্চলৰ পৰা কেবা কুইন্টল শাক-পাচলি অন্য ঠাইলৈ ৰপ্তানি হৈ আছিল। কিন্তু পলকতে নিশা আহা বানপানীৰ বাবে শস্য পানীৰ তলত জাহ যায়  । জ্যোতি ডেভললপমেন্ট চছাইটিৰ মূৰব্বী চৰিফুল ইচলাম ছিদ্দিকিয়ে বানাক্ৰান্তৰ মাজত বিশুদ্ধ খোৱা পানীৰ যোগান ধৰাৰ লগতে কিছু পৰিমানে খাদ্য সামগ্ৰীৰ যোগান ধৰাতহে ৰাইজে কিছু সকাহ পাবলৈ সক্ষম হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *