
গণ বাৰ্তা বিশেষ, শিৱসাগৰ, ৫ মে’: সমগ্ৰ ৰাজ্যতে কোৰোনা অতিমাৰীয়ে সম্প্ৰতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। কেৱল শিৱসাগৰ জিলাতে নহয়, অতি কম দিনৰ ভিতৰতে এই ৰোগত জিলাখনৰ আঠশৰো অধিক লোক আক্ৰান্ত হৈ ইতিমধ্যে ৯জন লোকৰ মৃত্যু হৈছে। ৰাজ্য চৰকাৰে ক’ভিডৰ সংহাৰী ৰূপ নিয়ন্ত্ৰণ কৰাৰ বাবে আজিৰে পৰা নতুন নীতি-নিৰ্দেশনা জাৰি কৰিছে। তাৰ মাজতেই চলিত মাহৰ দ্বিতীয় সপ্তাহত অসমৰ লগতে সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিব পৱিত্ৰ ঈদ। ৰমজান মাহৰ ৰোজা পালন আৰু ঈদৰ প্ৰাক্-মুহূৰ্তত অসমৰ ৰাইজক অধিক সচেতন হ’বলৈ আহবান জনাইছে উজনি অসম মুছলিম কল্যাণ পৰিষদে। বাতৰিকাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি চৌকত লতিফ, কাৰ্যকৰী সভাপতি মনিৰুল ইছলাম বড়া আৰু প্ৰচাৰ সম্পাদক খাইৰুদ্দিন আহমেদে উল্লেখ কৰে যে বৰ্তমান কোৰোনাৰ সংক্ৰমণ ৰাজ্যখনত দ্ৰুতভাৱে বৃদ্ধি পোৱাৰ সময়ত বহু লোকে চৰকাৰী নিদেৰ্শনাক গুৰুত্ব নিদি মাস্ক পৰিধান নকৰাকৈ ৰাজহুৱা স্থানত ঘূৰি ফুৰাৰ লগতে সামাজিক দূৰত্ব নৰখাকৈ বজাৰ-সমাৰ কৰা দেখা গৈছে।
শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাটকে ধৰি উজনি অসমৰ প্ৰতিখন জিলাৰ নগৰসমূহত বিশেষকৈ ইছলামধৰ্মী লোকসকলে ঈদৰ বজাৰ কৰাৰ নামতঅযথা ভিৰ কৰা পৰিলক্ষিত হৈছে। ক’ভিড নিৰ্দেশনা জাৰি কৰি বৰ্তমান চৰকাৰ এই ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে। সেয়েহে আমি এই ক্ষেত্ৰত অধিক সজাগ আৰু সচেতন হ’লেহে এনে অতিমাৰী নিয়ন্ত্ৰণ কৰা সম্ভৱ। ঈদৰ নামত বজাৰ- সমাৰ আদি কৰাত বেছি গুৰুত্ব নিদি প্ৰয়োজনতহে ঘৰৰ এজন সদস্যই বাহিৰলৈ আহি খাদ্য-সামগ্ৰী ক্ৰয় কৰা উচিত। সময় থাকোতেই আমি অধিক সচেতন নহ’লে আমাৰ ৰাজ্যৰ অৱস্থা দিল্লী, বিহাৰ আদিৰ দৰে হ’বলৈ বেছি দিন নালাগিব। বিগত বৰ্ষতো কোৰোনাই ৰাজ্যখনত ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল, যাৰ বাবে সেই সময়ত আমি ঘৰতেই ঈদৰ নামাজ আদায় কৰিছিলো। এইবাৰো আমি অধিক সতৰ্ক হৈ চৰকাৰে বান্ধি দিয়া নীতি-নিৰ্দেশনা মানি ঈদ পালন কৰা উচিত। প্ৰয়োজনীয় কামত ঘৰৰ বাহিৰলৈ যোৱা প্ৰতিজন ব্যক্তিয়ে ৰোগ প্ৰতিৰোধৰ বাবে মাস্ক পৰিধান কৰা অতি প্ৰয়োজন। আমি এই ক্ষেত্ৰত অধিক সচেতন হৈ পৰিয়ালৰ সকলো সদস্যক কোৰোনা প্ৰতিৰোধ নীতি পালন কৰাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ সকলো জনসাধাৰণৰ প্ৰতি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ নেতৃবৰ্গই আহবান জনাইছে।