Friday , September 25 2020
শেহতীয়া খবৰ

সদৌ অসম কবি সন্মিলনৰ “কাব্যৰজনী” শীৰ্ষক অনলাইন ৰাষ্ট্ৰীয় কবি সন্মিলন সম্পন্ন

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ০৯ আগষ্ট :  সদৌ অসম কবি সন্মিলনে জন্মলগ্নৰে পৰাই গ্ৰহণ কৰি অহা ভিন ভিন সময়ত ভিন ভিন কাৰ্যসূচীৰ অংশস্বৰূপে সাম্প্ৰতিক কৰ’ণা সংকটৰ সৈতে সহাৱস্থান কৰি ইতিমধ্যে সংগঠনটোৱে ঘোষণা কৰা এলানি ব্যতিক্ৰম ধৰ্মী অনলাইন কাৰ্যসূচীৰ এক অন্যতম অনুষ্ঠান ৰাষ্ট্ৰীয় কবি সন্মিলন । উল্লেখযোগ্য যে যোৱা ৮ আগষ্ট, শনিবাবে সন্ধ্যা ৮ বজাত সদৌ অসম কবি সন্মিলনৰ উদ্যোগত আৰু আই. কিউ. এ. চি, মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগত জুম মীটৰ জৰিয়তে “কাব্যৰজনী” শীৰ্ষক এখনি ৰাষ্ট্ৰীয় কবি সন্মিলন অনুষ্ঠিত হৈ যায় । উক্ত কবি সন্মিলনত অতিথি কবি তথা সমল ব্যক্তি হিচাপে ভাৰতৰ ভিন্ন প্ৰান্তৰ ছগৰাকী বিশিষ্ট কবিয়ে অংশ-গ্ৰহণ কৰে – তেখেতসকল হ’ল ক্ৰমে উত্তৰ প্ৰদেশৰ কবি সমীৰ গোৱেল, নতুন দিল্লীৰ কবি কেশৱ মোহন পাণ্ডে, পশ্চিম বংগৰ কবি আলোক সাহা, উৰিষ্যাৰ কবি অয়াশকান্ত মহাপাত্ৰ, জম্মু আৰু কাশ্মীৰৰ মহিলা কবি নিৰ্মল বিক্ৰম আৰু অসমৰ বিশিষ্ট কবি ড° বিজয় শংকৰ বৰ্মণ ডাঙৰীয়াই । সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° উৎপল নাথে আঁত ধৰা অনুষ্ঠানটিত শুভেচ্ছামূলক ভাষণ আগবঢ়ায় সদৌ অসম কবি সন্মিলনৰ সভাপতি প্ৰদীপ শইকীয়াই, আদৰণি ভাষণ আগবঢ়ায় প্ৰধান সম্পাদক উজ্জ্বল পাওগামে আৰু উদ্বোধনী ভাষণ আগবঢ়ায় মায়ং মাহাবিদ্যালয়ৰ অধ্যক্ষ ড° মহানন্দ বৰাদেৱে । উক্ত ৰাষ্ট্ৰীয় কবি সন্মিলনখনিৰ ব্যৱস্থাপনাৰ দায়িত্বত আছিল ক্ৰমে ড° উৎপল নাথ, দিগন্ত ভাজনী, তুফেল জিলানী আৰু আইমণি শৰ্মা আৰু সমন্বয়ক হিচাপে আছিল দেৱজিত গোস্বামী, হেমন্ত ভাৰতী, মদাৰজ্যোতি আৰু অনিত শইকীয়া। উল্লেখযোগ্য যে কবিতা পাঠৰ আৰম্ভণিতে ব্যৱস্থাপক মণ্ডলীয়ে অতিথি কবিসকলৰ একোটিকৈ চমু পৰিচয় দাঙি ধৰিবলৈ যত্ন কৰে- যিটো আছিল কবি সন্মিলনখনিৰ এক গুৰুত্বপূৰ্ণ দিশ । বিশিষ্ট অতিথি কবিসকলৰ কবিতা পাঠৰ অন্তত তেখেতসকলৰে শ্ৰুতা-দৰ্শকৰ মত-বিনিময়ৰ অনুষ্ঠানটি আগবঢ়াই নিয়ে ড° উৎপল নাথে । অসমৰ বিশিষ্ট কবি ড° জ্যোতিৰেখা হাজৰিকা, চাহ জনগোষ্ঠীয় যুৱ কবি অৰুণ কাৱৰকে ধৰি অসমৰ ছয়াশী গৰাকী কবিয়ে অংশ-গ্ৰহণ কৰা অনুষ্ঠানটিৰ শলাগৰ শৰাই আগবঢ়ায় ড° উৎপল নাথে । অনুষ্ঠানটিৰ সমন্বয়ক হেমন্ত ভাৰতীয়ে আঁত ধৰা কাব্যমন্ত্ৰৰে অনুষ্ঠানটি নিশা প্ৰায় ৯:৪৫ বজাত সামৰণি পৰে বুলি সদৌ অসম কবি সন্মিলনৰ প্ৰচাৰ বিভাগে জানিবলৈ দিয়ে ।

( ডিব্ৰুগড়ৰ পৰা ৰশ্মিৰেখা সাউদ কলিতা।ই )

Leave a Reply

Your email address will not be published. Required fields are marked *