Monday , September 21 2020
শেহতীয়া খবৰ

সদৌ অসম ছাত্ৰ সন্থাৰ মূখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনৰ পদত্যাগ 

গণ বাৰ্তা, সৰুপথাৰ, ১২ ছেপ্তেম্বৰ :- আছুৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে আজি আনুষ্ঠানিক ভাৱে পদত্যাগৰ কথা ঘোষনা কৰিছে | সৰুপথাৰত এই কথা ঘোষনা কৰে ৰাজু ফুকনে |১৯৯৩ চনত বিলগাওঁ আঞ্চলিক ছাত্ৰ সন্হাৰ পৰা প্ৰতিনিধিত্ব কৰা ৰাজু ফুকনে বিগত ২৭ টা বছৰে ছাত্ৰ সংগঠনটোত কাৰ্যনিৰ্বাহ কৰি আছিল | আছুৰ গোলাঘাট জিলা সমিতিৰ সভাপতিৰ দৰে গুৰু দায়িত্ব পালন কৰি পাচত মুখ্য সাংগঠনিত সম্পাদকৰ দৰে পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৰাজু ফুকনে | আজি আছুৰ সদ্য পদত্যাগী ৰাজু ফুকনক সৰুপথাৰত ধনশিৰি মহকুমা ছাত্ৰ সন্হাকে প্ৰমুখ্য বিভিন্ন দল সংগঠনে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে | এক সুত্ৰৰ পৰা জানিব পৰা মতে,আছুৰ ৰাজনৈতিক দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰিবৰ বাবেই তেওঁ আছুৰ পৰা পদত্যাগ কৰা বুলি সন্দেহ কৰা হৈছে যদিও ৰাজু ফুকলে এই কথা অস্বীকাৰ কৰিছে | অৱশ্যে তেওঁ অসম তথা অসমীয়াৰ স্বাৰ্থত ভৱিষ্যতে কাম কৰি যোৱাৰ কথা অৱগত কৰে |ইয়াৰ আগতে ৰাজু ফুকনক ছাত্ৰ সন্হাৰ কৰ্মকৰ্তা সকলে বৰপথাৰৰ পৰা মটৰ চাইকেলেৰে আদৰি আনে | পাচত এক আবেগিক পৰিবেশত বিদায় সম্বৰ্ধনা জনায় |

Leave a Reply

Your email address will not be published. Required fields are marked *