Home Editor's Pick সাংবাদিক ৰোহিত চাৰ্দানাৰ মৃত্যুত উল্লাসিত কোন এই চাম !

সাংবাদিক ৰোহিত চাৰ্দানাৰ মৃত্যুত উল্লাসিত কোন এই চাম !

182
0

✍️ মোছাবিৰুল হক

তাবলীগ জামাতক লৈ এসময়ত ভাৰতবৰ্ষত ব্যাপক হৈ চৈ হৈছিল।তাবলীগ জামাতক প্ৰতীকি হিচাপে লৈ ভাৰতীয় মিডিয়াই সমগ্ৰ মুছলমান লোক সকলক প্ৰয়োজনতকৈ বেছি মানসিক নিৰ্যাতন চলাইছিল।সম্পূৰ্ণ চৰকাৰী পৃষ্টপোষকতাক ভাৰতীয় মুছলমান কিদৰে জেহাদী,দেশদ্ৰোহী,কৰ’না ব’ম ইত্যাদি নামাকৰণ কৰি সমাজক উলম্ব বিভাজন কৰিছিল সেয়া নিশ্চয় বহুতেই পাহৰা নাই।ধৰ্মীয় সাম্প্ৰদায়িকতা আগতে ৰাজনৈতিক ক্ষেত্ৰ খনত বিৰাজ মান আছিল।কিন্তু সামাজিক বান্ধোনত আমি কোনো ভেদ ভাৱ নৰখাকৈ চলিছিলোঁ।ভাৰতৰ সাম্প্ৰদায়িক ৰাজনীতিৰ এক শক্তিশালী পক্ষই ক’ৰনাৰ সময়ত সাম্প্ৰদায়িকতা সমাজলৈ,ঘৰ–ঘৰ লৈ সম্প্ৰসাৰণৰ কৰাৰ এক শক্তিশালী অস্ত্ৰ পাইছিল তাবলীগ জামাত অচিলা লৈ।মোৰ কাজিন এজন তেজপুৰত চৱজি ব্যৱসায় কৰে।সেই সময়ত তেওঁ তেজপুৰত যিটো লটিঘটিৰ সন্মুখীন হব লগা হৈছিল সেই খিনি শুনি মৰ্মাহত হৈছিলো।মুছলমানৰ প্ৰৱেশ বন্ধ,ফলৰ দোকানীয়ে ফলত থু লগাই ফল বিক্ৰি কৰা,নাৰ্চ–ডাক্তৰক আক্ৰমণ কৰা কাহিনী হেজাৰটা মনে সজা আৰু কল্পনাপ্ৰসূত কাহিনী বনাই মুছলমানক ডিমেইম কৰাৰ কাৰণে চেষ্টা কৰা হৈছিল।কল্পনাতীত নিৰ্যাতনৰ সন্মুখীন হব লগা হৈছিল।আজি ভাৰতবৰ্ষত কৰ’নাৰ দ্বিতীয় ৱেব আৰম্ভ হৈছে।এইবাৰ কাকো দোষাৰোপ কৰাৰ অৱকাশ নাই।প্ৰথম ৱেবতকৈ বৰ ভয়ানক।প্ৰতি দিনে হেজাৰ হেজাৰ লোক মৃত্যু মূখত পৰিব লগা হৈছে।আমি সৌভাগ্যশীল যে প্ৰথম ৱেবত এনে ধ্বংসলীলা হোৱা নাছিল।নহ’লে হয়তো ভাৰতীয় মুছলমানে সেই সময়ত ইয়াতকৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হব লগা হ’লে হয়।মানুহক লাঠিৰে কোবালে অকল সেই জগম হোৱা ঠাই খিনিতে বিষ অনুভৱ হয়।কিন্তু মানসিক অশান্তি দিলে সমস্ত দেহ–মনে গম পাই যায়।এয়া যে প্ৰথম বাৰৰ কাৰণে হৈছে সেয়াও নহয়।আৰু যে নহব সেয়াও নহয়।আগতে কোৱাৰ দৰে শক্তিশালী পক্ষ এক প্ৰতিটো মূহুৰ্ততে মুছলমানক কিদৰে ডিমেইম কৰি ৰাষ্ট্ৰদ্ৰোহী সজাব পৰা যায় তাৰ কাৰণে সষ্টম হৈ থাকে।তাতে তেওঁলোকে ৰাজনৈতিক লাভালাভ আদায় কৰে।ইয়াৰ প্ৰধান অংশ কিনি থৈছে ভাৰতীয় সংবাদ মাধ্যমে।মই ব্যক্তিগত ভাৱে ভাৰতীয় মুছলমানৰ ওপৰত চলা এনে নিৰ্যাতনৰ অনুভৱ কৰো বা স্বীকাৰ কৰো।যিদৰে এজন নিৰপেক্ষ সাম্প্ৰদায়িকতাৰ উৰ্ধ্বত থকা হিন্দু ব্যক্তি এজনেও ভাৰতীয় মুছলমান সমাজৰ ওপৰত চলা নিৰ্যাতন বন্ধ হব লাগে বুলি বিশ্বাস কৰে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি ?

   বাকী লক্ষ জন মুছলমানৰ লগত মোৰ এই কাৰণেই মতৰ অমিল হয় যে তেওঁলোকে শত্ৰু যি সকলে দিন ৰাতি মুছলমানৰ বিৰুদ্ধে কুৎসা ৰটনা কৰি থাকে সেই সকলক শাস্তি দি বা প্ৰতিফল ভোগ কৰাই আমাৰ ওপৰত নিৰ্যাতনৰ পৰিমাণ হ্ৰাস কৰাব বিচাৰে।যিটো মই নিবিচাৰো।উদাহৰণ স্বৰূপে অৰ্ণৱ গোস্বামীৰ কিবা এক ভয়ংকৰ ক্ষতি হ’ল তাতে লক্ষ জন মুছলমানে আনন্দিত হব।কিন্তু মই দুঃখী হম।কিয়নো কোনো ব্যক্তি বিশেষৰ ক্ষতি হ’লেই যে মুছলমানৰ ওপৰত নিৰ্যাতন বন্ধ হৈ পৰিব সেয়া কেতিয়াও হবই নোৱাৰে।তেতিয়া হ’লে ৰাহুল চাৰ্দানাৰ মৃত্যুৰ পাছত হয়তো কোনো ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে মুছলমান বিদ্বেষী ভূমিকা লোৱা এৰি দিব নেকি?অৰ্ণৱ গোস্বামীয়ে ৰাহুল চাৰ্দনাৰ মৃত্যু হোৱা দেখি নিজৰ ভুলত অনুতপ্ত হব নেকি?নহয়,বৰঞ্চ সময়,সুযোগ আৰু সুবিধা পালে আৰু বেছিহে কৰিব।মুছলমান সকলে কোৰাণ,হাদিছ,জন্ম,মৃত্যু সৱ বিশ্বাস কৰে।মৃত্যুৰ পাছৰ বিচাৰ যে হব সেয়াও বিশ্বাস কৰে।কোনো এজন মুছলমানৰ মৃত্যুৰ পাছত বাকী বেনামাজী মুছলমানে আমিও মৰিব লাগিব এদিন বুলি নামাজ পঢ়া আৰম্ভ কৰে নেকি?নকৰে।গতিকে কোনো সাংবাদিক মৰিল বুলিয়েই বাকী সাংবাদিক সকলৰ পন্থা সলনি নকৰে।আজিও ভাৰতীয় মিডিয়াই চিষ্টেমে ৰাহুলক মাৰিলে বুলিহে প্ৰচাৰ কৰি আছে।প্ৰধান সেৱকলৈ এটা প্ৰশ্নও কৰা নাই।বৰঞ্চ প্ৰধান সেৱকে ৰাহুল চাৰ্দনাৰ মৃত্যুত কৰা দুখ প্ৰকাশৰ টুইট বৰ গৰ্বেৰে দেখুৱাই আছে।

গৌৰী লংকেশ্বৰ পৰা আৰম্ভ কৰি যিমান নিৰপেক্ষ লোক মৃত্যু বৰণ কৰিব লগা হৈছে সেই সকলৰ মৃত্যুত আনন্দিত কোনে কোনে হৈছিল ?
আৰু আপুনিও ৰাহুল চাৰ্দানাৰ মৃত্যুত আনন্দিত হৈছে তেন্তে আপোনাৰ আৰু সেই সকলৰ মাজত পাৰ্থক্য নাই।সেই সকলে আজি যিটো কৰি আছে আপোনালোকৰো যদি ক্ষমতা থাকিলে হয় তেন্তে একেই অৱস্থা বিপৰীত ধৰ্মী লোকৰ ওপৰত চলালে হয়।

  শেষত মই ভাৰতীয় মুছলমান কেনে হোৱা উচিত তাৰ এটা উদাহৰণ দিওঁ:উত্তৰ প্ৰদেশৰ লক্ষৌৰ গোমটি টুটেল টিভিৰ সাংবাদিক এজনৰ মৃত্যু হৈছিল কৰ’নাত।পৰিয়াল বা দেশ ভক্ত সাংবাদিক এজনো নোলাল অন্তিম সংস্কাৰ কৰিবলৈ।ছৈয়দ ৰিজুয়ান আহম্মদ  নামৰ এজন মুছলমান লোকে গাড়ী লৈ আহি উক্ত সাংবাদিক জনৰ সম্পূৰ্ণ ধৰ্মীয় নীতি–নিয়মত অন্তেষ্টক্ৰীয়া সম্পন্ন কৰে।ছৈয়দ আহম্মেদ নামৰ লোক জন হৈছে  যোৱা বাৰৰ কৰ’না বোম,জেহাদী আৰু দেশদ্ৰোহী।যি মিডিয়াই তেওঁক এসময়ত কৰ’না বোম আখ্যা দিছিল আজি  মিডিয়াৰ সাংবাদিকক  জীৱনৰ শেষ মূহুৰ্তত কোনেো সংগ নিদিয়া সময়ত তেওঁ সংগ দিছে। And This is Islam….প্ৰতিশোধ পৰায়ণতা ইছলাম হবই নোৱাৰে।আপুনি যিমান ইছলামিক লেবাচ লগাই নাথাকক যদিহে আপুনি প্ৰতিশোধ পৰায়ণতাক বিশ্বাস কৰে বাকী খিনি আপোনাৰ মূল্যহীন।

[ মোছাবিৰুল হক 7002746625 ] 

LEAVE A REPLY

Please enter your comment!
Please enter your name here