Sunday , September 20 2020
শেহতীয়া খবৰ

সাংসদ, মন্ত্ৰী, সাংগঠনিক-সচিব, সভানেত্ৰীৰ লগতে সকলোৱে ক’ভিড-১৯ ফলাফল নেগেটিভ

গণ বাৰ্তা ,সাপেখাতী,১৪জুলাই : শিৱসাগৰ জিলা স্বাস্থ্য বিভাগৰ অনুমতি মৰ্মে যোৰহাট লোকসভা সমষ্টি সাংসদ তপন কুমাৰ গগৈ,অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন ,ভাৰতীয় জনতা পাৰ্টী,অসম প্ৰদেশৰ সাংগঠনিক সচিব গীতাৰ্থ গোস্বামী,বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী সুৰভী ৰাজকুমাৰী,সাংসদ তপন কুমাৰ গগৈ ব্যক্তিগত সহায়ক যোগেশ গগৈ লগতে কেইবাগৰাকীও ব্যক্তিৰ স্বাৱ টেষ্টৰ ফলাফল আহিল ৷
সকলোৱে ফলাফল নেগেটিভ ৷ আনহাতে,যি সকল ব্যক্তিয়ে স্বৰ্গীয় অশ্বিনী চেতীয়া শেষকৃতৰ অনুষ্ঠানত উপস্থিত আছিল,বৰ্তমানো স্বাব টেষ্ট কৰা নাই তেওঁলোকক শিৱসাগৰ বালিকা মহাবিদ্যালয় অথবা শিৱসাগৰৰ দলমুখ স্থিত অসামৰিক চিকিৎসালয়ত স্বইচ্ছাৰে গৈ নমুনা পৰীক্ষা কৰিবলৈ সাংসদ তপন কুমাৰ গগৈ,বিজেপিৰ ৰাজ্যিক সাংগঠনিক সচিব গীতাৰ্থ গোস্বামীয়েসকলোকে আহ্বান জনাইছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *